মহানগৰীত গ্রেপ্তাৰ অধিবক্তা ৰিতম সিঙক

🔹 অমিত শ্বাহক সাঙুৰি ভুৱা ভিডিঅ’
🔹 তেলেংগানা কংগ্রেছে এক্সত এই ভিডিঅ’ প্রচাৰ কৰিছিল

বিশেষ বাৰ্তা, ৩০ এপ্রিল : কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাঙুৰি ভুৱা ভিডিঅ’ প্রস্তুত কৰাৰ গুৰুতৰ অভিযোগত কালি অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰিতম সিং (৩১) নামৰ অধিবক্তাজনক৷ উলুবাৰীৰ হৰবালা পথৰ প্রকাশ এনক্লেভৰ ফ্লেট নম্বৰ ৩–বিৰ পৰা গ্রেপ্তাৰ কৰা হৈছে বলৱন্ত সিঙৰ পুত্র তথা অধিবক্তা ৰিতম সিঙক৷ লক্ষণীয় যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভুৱা প্রৰোচনামূলক ভিডিঅ’ ডিপ ফেকৰ জৰিয়তে প্রস্তুত কৰি এটা দুষ্টচক্রই সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰিছিল৷ সমগ্র দেশত দুষ্টচক্রটোৰ এই অপৰাধৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যৰ থানাত গোচৰ ৰুজু হৈছিল৷ উক্ত অপৰাধৰ ভিত্তিতে অসমত ৰিতম সিং নামৰ অধিবক্তাজনক কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, অধিবক্তাজনে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ প্রৰোচনামূলক ভুৱা ভিডিঅ’টো এক্সৰ জৰিয়তে শ্বেয়াৰ কৰিছিল৷ এই সন্দর্ভত পাণবজাৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ/১৭১জি/৫০৫(১)(বি)নং ধাৰাৰ লগতে তথ্য–প্রযুক্তি আইনৰ ৬৬এফ নং সহযোগী ধাৰাৰ অধীনত ৯৩/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি অধিবক্তাজনক কালি গ্রেপ্তাৰ কৰে৷ অধিবক্তাজনক পাণবজাৰ থানাই মাৰাথন জেৰা চলোৱাৰ লগতে কাৰ প্রৰোচনাত পৰি ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল, সেই সন্দর্ভতো সোধা–পোছা চলাই আছে৷ আৰক্ষীয়ে অধিবক্তাজনৰ ঘৰৰ পৰা দুটা ম’বাইল ফোন আৰু এটা ব্যক্তিগত লেপটপ জব্দ কৰিছে৷ উল্লেখ্য যে অসম প্রদেশ কংগ্রেছ কমিটীৰ ৱাৰ ৰুমত কাম কৰি আছিল অধিবক্তা ৰিতম সিঙে৷ অধিবক্তাজনক গ্রেপ্তাৰ কৰা কার্যক সমালোচনা কৰি অসম প্রদেশ কংগ্রেছ কমিটীয়ে শীঘ্রে তেওঁক মুকলি কৰি দিয়াৰো দাবী জনাইছে৷

তেলেংগানা কংগ্রেছে এক্সত এই ভিডিঅ’ প্রচাৰ কৰিছিল

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ভুৱা সম্পাদিত এটা ভিডিঅ’ সামাজিক মাধ্যমত প্রচাৰ কৰা সম্পর্কীয় গোচৰত তেলেংগানাৰ মুখ্যমন্ত্রী এ ৰেৱন্ত ৰেড্ডীসহ পাঁচজনলৈ চমন জাৰি কৰিছে দিল্লী আৰক্ষীয়ে৷ তেলেংগানা কংগ্রেছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিজেপিৰ এজেণ্ডা এছচি–এছটি–অ’বিচিৰ সংৰক্ষণ প্রত্যাহাৰক লৈ ভাষণৰ ভিডিঅ’ প্রচাৰ কৰাৰ পাছতে দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ বিজেপিয়ে এই ভিডিঅ’টো ভুৱা সম্পাদিত বুলি অভিযোগ দাখিল কৰাৰ পাছত দিল্লী আৰক্ষীয়ে ভিডিঅ’টোক লৈ তদন্ত আৰম্ভ কৰে৷ দিল্লী আৰক্ষীয়ে তদন্তৰ পাছত ভিডিঅ’টো ভুৱা বুলি নিশ্চিত হৈ ভিডিঅ’ প্রচাৰ কৰা তেলেংগানা কংগ্রেছৰ নেতা মুখ্যমন্ত্রী ৰেড্ডীসহ পাঁচজনলৈ চমন জাৰি কৰিছে৷ মন কৰিবলগীয়া যে বিজেপিৰ লগতে কেন্দ্রীয় গৃহ মন্ত্রালয়ে শ্বাহৰ ভিডিঅ’টো ভুৱা বুলি দাবী কৰি দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩, ১৫৩(এ), ৪৬৫, ৪৬৯, ১৭১(জি)ৰ লগতে আই টি আইন ধাৰা ৬৬ (চি)ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি তেলেংগানাৰ মুখ্যমন্ত্রীসহ পাঁচজনক এই ভিডিঅ’ সন্দর্ভত সোধা–পোছাৰ বাবে চমন জাৰি কৰিছে৷ কংগ্রেছ নেতাৰ লগতে দিল্লী আৰক্ষীয়ে সামাজিক মাধ্যম এক্স আৰু ফেচবুকলৈ এই ভিডিঅ’ প্রচাৰ কৰা একাউণ্টটোৰ তথ্য বিচাৰি জাননী জাৰি কৰিছে৷ মন কৰিবলগীয়া যে বিজেপিৰ মুখপাত্র অমিত মালদিয়াই অভিযোগ কৰা মতে, কংগ্রেছে প্রচাৰ কৰা সম্পাদিত ভিডিঅ’টো ভুৱা আৰু এই ভিডিঅ’টোৱে দেশজুৰি হিংসাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে৷ গৃহমন্ত্রী শ্বাহে মুছলিমলৈ ধর্মৰ আধাৰত সংৰক্ষণ দিয়াটো অসাংবিধানিক বুলি মন্তব্য কৰিছিল৷ মুছলিম সংৰক্ষণ দিলে এছচি, এছটি আৰু অ’বিচিৰ সংৰক্ষণৰ কোটা হ্রাস পাব বুলি কৰা মন্তব্যকে অসাধু চক্রই সম্পাদন কৰি বিতর্কিত ৰূপ দিছে৷

Featured