আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ। দিছপুৰৰ মিনিষ্টাৰ কলনীৰ চৌহদত আয়োজন কৰা হৈছে গগৈৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ। আজি এঘাৰ দিনৰ মুহূৰ্তত ভকত-বৈষ্ণৱ, গায়ন-বায়নৰ উপস্থিতিত হৰিনামেৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়।

আত্মীয়-স্বজন তথা গুণগ্ৰাহী উপস্থিত থকা আদ্যশ্ৰাদ্ধ সম্পৰ্কত প্ৰয়াত গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে কয়- ‘হৰিনাম প্ৰসংগৰ মাজেৰে আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। এই জটিল বছৰটোত অকল আমি আমাৰ পৰিয়ালৰে এগৰাকী প্ৰিয় সদস্যক হেৰুওৱা নাই, অসমৰ বিভিন্ন ঠাইত বয়োজ্যেষ্ঠৰ পৰা কণমানিলৈ কোনো নহয় কোনোৱে প্ৰিয় সদস্যক হেৰুৱাইছে। আজি নাম-প্ৰসংগৰ মাজেৰে আমি যি শান্তি বা শক্তি পাইছো, তেনে শান্তি আৰু শক্তি যেন সেইসকল পৰিয়ালেও লাভ কৰে, তাৰেই কামনা কৰিছোঁ।’

উল্লেখ্য, যোৱা ২৩ নৱেম্বৰৰ দিনা শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে। ২৬ নৱেম্বৰৰ দিনা ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল নৱগ্ৰহ শ্মশানত।