বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ ল’লে পীয়ূষ হাজৰিকাই

🔹 ৩০০ মিটাৰ দৈৰ্ঘ্যত মথাউৰি শীঘ্ৰে বহলোৱাৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৭ জুন : জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি নলবাৰী জিলাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশ লোৱাৰ পাছত বৰক্ষেত্ৰী সমষ্টিৰ ৩নং লাৰকুছি (গোৰাক্ষাট্টাৰী) গাঁও পৰিভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা সমস্যাৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ২০০ বছৰ পাৰ কৰা ঐতিহ্যমণ্ডিত বাৰগোপাল থানৰ প্ৰাংগণত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি খহনীয়া সমস্যা সমাধানৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে ।

ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে জৰুৰীকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰি জিঅ’ বেগ, পাৰ্কুপাইন আদিৰ সহায়ত ক্ষিপ্ৰতাৰে কাম কৰি আছে। জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি পৰিদৰ্শনৰ সময়ত মথাউৰিটো প্ৰায় ৩০০ মিটাৰ দীঘল অংশত ১০ ফুট মান বহলকৈ সম্প্ৰসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে ঐতিহ্যমণ্ডিত এই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। আগন্তুক খৰালিৰ দিনত বিভাগে জিঅ’ টিউবৰ সহায়ত অঞ্চলটোত স্থায়ী প্ৰতিৰোধৰ কাম হাতত ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Featured