বান ক্ষতিগ্রস্তলৈ সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সাহায্য সামগ্রী

বিশেষ বাৰ্তা, ১৭ মে’ : অসমৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচলত যােৱা কিছুদিন ধৰি ধাৰসাৰ বৰষুণ দিয়াৰ ফলত চৰাইদেউ জিলাৰ আটাইকেইখন নৈ ফেনে ফুটুকাৰে বাঢ়ি জিলাখনৰ বিস্তর্ণ অঞ্চল জলমগ্ন কৰি পেলাইছে । নৈৰ বাঢ়নী পানীয়ে সােণাৰি সমষ্টিৰ অন্তৰ্গত তথা উদয়শ্ৰী গাওঁ পঞ্চায়তৰ বিস্তীর্ণ অঞ্চল প্লাৱিত কৰাৰ ফলত শতাধিক পৰিয়ালৰ আৰু পশুধন কৃষিক্ষেত্র ক্ষতিগ্রস্ত হােৱাত জিলা প্ৰশাসনে ক্ষতিগ্রস্ত পৰিয়ালক আশ্রয় গ্রহণৰ ব্যৱস্থা কৰিছে । সােণাৰি আৰু পাশ্বৱর্তী অঞ্চলত হােৱা বানপানীৰ ফলত ক্ষতিগ্রস্তৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সােণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ কিছু সামগ্রী বিতৰণ কৰি জিলা উপায়ুক্তৰ লগত বিষয়টোৰ ওপৰত আলােচনা কৰাৰ অতত ক্ষতিগ্রস্ত পৰিয়ালৰ আৰু বানাক্ৰান্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণৰ ব্যৱস্থা কৰিবলৈ পৰামর্শ দিয়াৰ পিছতেই বান অধ্যুষিত অঞ্চলত সাহায্য বিতৰণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰে জিলা প্রশাসন । টাউকাক আৰু টীয়ক নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰে সােণাৰি সােণাৰি নগৰৰ শান্তিপুৰ, পার্বতীপুৰ, সেউজীপাম, ভবানীপুৰ, লাচিতনগৰ , দক্ষিণ সােণাৰি অঞ্চল সতুর্থ কৰ্মীৰ সহযােগত পৰিস্থিতি বুজ লয় বিধায়কগৰাকীয়ে। ইফালে টীয়ক নৈৰ বাঢ়নী পানীয়ে সােণাৰিৰ সেউজীপাম অঞ্চলৰ বিস্তীত অঞ্চল ক্ষতিগ্রস্ত কৰে। ইয়াৰ উপৰি জিলাখনত থকা নৈ-উপনৈৰ বাঢ়নী পানীয়ে কানুবাৰী, বেঙেনাবাৰীৰ বৃহৎ অঞ্চলত প্লাৱিত কৰে । আনহাতে দিচাঙৰ বাঢ়নী পানীয়ে চফ্রাই অঞ্চলৰ বহু কৃষক পৰিয়াল ক্ষুতগ্রস্ত কৰাৰ বাতৰি পােৱা হৈছে । বিধায়কৰ তৎপৰতাত বানত ক্ষতিগ্রস্ত হােৱা পৰিয়ালৰ মাজত জিলা প্রশাসনে সাহায্য বিতৰণ ব্যৱস্থা ত্বৰান্বিত কৰিছে । বিধায়কগৰাকীয়ে ব্যক্তিগতভাৱে ক্ষতিগ্রস্ত পৰিয়ালক সাক্ষাৎ কৰি সাহায্য বিতৰণ কৰে ।ৰাজ্যত নেৰানেপেৰা বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা জনসাধাৰনো বানৰ কৱলত পৰিছে ৷ ঠিক তেনেদৰে মই প্ৰতিনিধিত্ব কৰা সোণাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ জনসাধাৰণো বানৰ কৱলত পৰিছে ৷ আজি বানৰ কৱলত পৰা উদয়শ্ৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অঞ্চলসমূহৰ বানপীড়িত ৰাইজৰ মাজত শালকাঠনি ৰাজহুৱা প্ৰেক্ষাগৃহত খাদ্য সামগ্ৰী বিতৰন কৰোঁ ৷ বান সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে সাপেখাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গিতাঞ্জলী গগৈ , চৰাইদেউ জিলা পৰিষদৰ উপ-সভাপতি দিগন্ত ৰাজকোঁৱৰ, উদয়শ্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জুলি ভূমিজ ,বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজয় ভূমিজ ,সাপেখাটি সমবায় সমিতিৰ সভাপতি উৎপল শেনচোৱা আদি উপস্থিত আছিল৷

প্ৰেৰক দীপাংকৰ পাল