৪খন জিলাত বাদে ৰাজ্যৰ পৰা প্রত্যাহাৰ আফস্পা

🔹 চৰাইদেউ–শিৱসাগৰ-ডিব্রুগড়–তিনিচুকীয়াত বাহাল

ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰ : ৰাজ্যৰ ৪খন জিলাৰ বাদে আন সকলো জিলাৰ পৰা প্রত্যাহাৰ কৰা হৈছে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন, চমুকৈ আফস্পা৷ চৰাইদেউ, শিৱসাগৰ, ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত এতিয়াৰ পৰা বাহাল থাকিব আফস্পা৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে এই কথা সদৰী কৰে৷ তেওঁ কয় যে নতুন নির্দেশনা মতে অসমৰ চাৰিখন জিলাতহে আফস্পা বাহাল থাকিব৷ বাকী সকলো জিলাৰ পৰা অশান্ত অঞ্চল আইন আৰু আফস্পা প্রত্যাহাৰ কৰা হৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত অশান্তজর্জৰ পৰিৱেশ পূর্বৰ তুলনাত প্রায় নাইকিয়া হোৱাৰ পৰিপ্রেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে, ৰাজ্যৰ গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ উৎখাত কৰা চাইবাৰ অপৰাধ চক্র সন্দর্ভতো মন্তব্য আগবঢ়ায় ডিজিপি সিঙে৷ তেওঁ কয় যে অসম আৰক্ষীয়ে গোপনে বহুদিন ধৰি কৰা তদন্তৰ অন্তত এই বৃহৎ নেটৱর্কটো উৎখাত হৈছে৷ তদন্ত এতিয়াও শেষ হোৱা নাই৷ যিখিনি অপৰাধী এতিয়াও আৰক্ষীৰ জালত পৰা নাই, তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে৷ অভিযুক্তসকল কোনো কাৰণতে সাৰি যাব নোৱাৰে, আৰক্ষীৰ জালত পৰিবই৷ বৃহৎ এই চক্রটোৰ সৈতে জড়িত থকা যিকোনো ব্যক্তি অথবা লোকেই হওক, ১০০ শতাংশ প্রতিশ্রুতি দিছোঁ– ৰেহাই কাকো দিয়া নহ’ব৷

Featured