১৫ বছৰ পিছত ন্যায় পালে মজেৰ আলীৰ পৰিয়ালে

🔹 ৯জনক যাৱজ্জীৱন কাৰাদণ্ড বিলাসীপাৰা অতিৰিক্ত জিলা-সত্ৰ ন্যায়াধীশ আদালতৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। লোমহৰ্ষক মজেৰ আলী হত্যাকাণ্ডৰ লগত জড়িত ৯জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে। সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা মজেৰ আলীৰ পৰিয়ালে। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ টোকৰাবান্ধা লটেয়া গাঁৱত ২০০৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। গাঁওখনৰ মজেৰ আলী নামৰ ব্যক্তিজনক এদল উদণ্ড লোকে অতি নৃশংসভাৱে হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত মজেৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ থানাত ৫২/২০০৯ নম্বৰত গোচৰ ৰুজু কৰে। বিলাসীপাৰা মহকুমা আদালতত ছেছন কেছ নম্বৰ ৬৬/১৬ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে।

বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে উক্ত হত্যাকাণ্ডৰ অভিযুক্ত ক্ৰমে মজিবৰ ৰহমান, আজিবৰ ৰহমান, নুৰতাজ আলী, কছেৰ আলী, জামাল উদ্দিন, জাহান উদ্দিন, আজাদ আলী, ওচমান আলী আৰু অছিমুদ্দিনক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধিৰ 147/148/149/323/325/326/302 IPC ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। এই ৰায়দানৰ পিছতে সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পোৱা মজেৰ আলীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ দিয়ে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured