অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ অন্যতম প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি দেওবাৰে ঢকুৱাখনা বিধান পৰিষদৰ বিষয়ববীয়াসকলে কাৰ্য্যভাৰ আৰু শপত গ্ৰহণ কৰে ৷ এই উপলক্ষে আজি বিধান পৰিষদৰ স্থায়ী কাৰ্যালয় “সমন্বয় ভৱন”ত অগপৰ এখনি সভা অনুষ্ঠিত হয়।সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তুলাৰাম গগৈ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য হৰিচন্দ্ৰ বৰুৱা,কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য দুলাল দত্ত আৰু প্ৰাঞ্জল দিহিঙীয়া উপস্থিত থাকে।বিধান সভা সমষ্টিৰ অন্তৰ্গত শতাধিক দলীয় বিষয়ববীয়া,কৰ্মকর্তাৰ উপস্থিতিত সভাত ঢকুৱাখনা বিধান সভাৰ সমষ্টি সমিতিৰ সভাপতি মহেশ দলে,সম্পাদকদ্বয় ক্ৰমে সক্ৰিয় যুৱ নেতা সমুজ্জল চেতিয়া আৰু সুৰেন চাংমাইৰ নেতৃত্বাধীন ৪১ জনীয়া সমিতিখনৰ বিষয়ববীয়াসকলে কাৰ্যভাৰ আৰু শপত বাক্য গ্ৰহণ কৰে।শপত বাক্য পাঠ কৰায় অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তুলাৰাম গগৈয়ে।উল্লেখ্য যে চলিত বৰ্ষৰ ১৭জানুৱাৰীত ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হিচাপে প্ৰবীণ দলীয় নেতা মহেশ দলেক, উপ সভাপতি হিচাপে দলৰ জ্যেষ্ঠ কৰ্মী প্ৰিয়ৰাম ফুকন,অজিত দত্ত,ৰঞ্জিত চন্দ্ৰ বৰা, ৰাজেন্দ্ৰ প্ৰসাদ গগৈ,কালোৰাম দলেক, সম্পাদক,সক্ৰিয় যুৱ নেতা সমুজ্জল চেতিয়া আৰু সুৰেন চাংমাইক ,সহকাৰী সম্পাদক,জিতেন চুতীয়া, মহানন্দ দলে, নবীন পেগু ,জয়ন্ত দত্ত পৰমা পাতিৰক, সাংঠনিক সম্পাদক হিচাপে হেমন্ত পায়েং, বীৰেন বৰাক আৰু বিত্ত সম্পাদক হিচাপে নিতুল বৰাক নিৰ্বাচিত কৰা হৈছিল। আজি কাৰ্যভাৰ আৰু শপত বাক্য গ্ৰহণ কৰা সমিতিখনে আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজৰ আস্থাভাজন কৰি দলৰ বুনিয়াদ অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আত্মনিয়োগ কৰাত মনোনিবেশ কৰিব বুলি নব নিৰ্বাচিত সম্পাদক সমুজ্জল চেতিয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured