তেজপুৰত অগপৰ ছাত্ৰ পৰিষদৰ ‘নতুন দিগন্তলৈ…’

🔹 ৫ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা 
বাৰ্তা ব্যুৰ’,  ২৬ আগষ্ট : অসম গণ পৰিষদে এতিয়া দুৱাৰ মুকলি কৰিছে নতুন প্ৰজন্মৰ বাবে ৷ আজি তেজপুৰত এই কথা উল্লেখ কৰি অগপৰ উপ-সভাপতি তথা যুৱ নেতা মণিমাধৱ মহন্তই স্থানীয় সাংবাদিকৰ আগত প্ৰদান কৰা মন্তব্যত নতুন প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে যিহেতু তেওঁকো দলটোৱে আগবঢ়াই নিছে, তেনেস্থলত সকলো নতুন প্ৰজন্মক লৈ দলটোৱে আগন্তুক দিনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে ৷ উল্লেখ্য যে আঞ্চলিক তথা শাসকীয় দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি তেজপুৰ বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত “নতুন দিগন্তলৈ…” শীৰ্ষক এক বিশেষ  কাৰ্যসূচী  অনুষ্ঠিত হৈ যায় ৷ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ মুখ্য পৃষ্ঠপোষকতাত অনুষ্ঠিত এই অনুষ্ঠানত ইতিমধ্যে ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ শতাধিক কৃতী পৰীক্ষাৰ্থীক পলমকৈ হ’লেও অসম ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা  হয় ৷  অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱা,  অগপৰ কেন্দ্ৰীয় উপ-সভাপতি মণিমাধৱ মহন্ত, অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি  ৰাতুল নাথ প্ৰমুখ্যে অগপ আৰু ছাত্ৰ পৰিষদৰ বহুসংখ্যক সদস্য এই অনুষ্ঠানটোত উপস্হিত থাকে ৷ উল্লেখ্য যে  সাংবাদিকৰ প্ৰশ্নোত্তৰত  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ  ভাতৃ,  অগপৰ যুৱ নেতা মণিমাধৱ মহন্তই এসময়ৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছ  সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ বিগত লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিত অগপৰ  প্ৰাৰ্থিত্বৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত পৰাজিত হোৱা  মণিমাধৱ মহন্তই কয় যে এজন অসমৰ সাংসদ হিচাপে গৌৰৱ গগৈৰ দৰে বাকপটু ব্যক্তিয়ে অসম আৰু নিজৰ সমষ্টিৰ জ্বলন্ত সমস্যাসমূহ সংসদৰ মজিয়াত উপস্থাপন  কৰিব নোৱাৰোটো দুৰ্ভাগ্যজনক ৷ অগপৰ যুৱ নেতা মণিমাধৱ মহন্তই লগতে কয়- পূৰ্বৰ কলিয়াবৰ সলনি হৈ যিহেতু কাজিৰঙা হ’ল, তেনেস্থলত অগপ-বিজেপি মিত্ৰজোঁটৰ বাবে বাট সুগম হ’ল ৷ পূৰ্বৰ দৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এতিয়া নচলিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে  মণিমাধৱ মহন্তই ৷
প্ৰেৰক পুলক ডেকা
Featured