বোকাখাতত উৰুকাৰ প্ৰাকক্ষণত মাছুৱৈৰ ৰূপত অতুল বৰা

🔹 মৎস্য চিকাৰেৰে সম্প্ৰীতি-সমন্বয়ৰ সাঁকো সুদৃঢ় কৰাৰ চেষ্টা কৃষিমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : কাইলৈ ভোগালীৰ উৰুকা। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চহা জীৱন ৷ ভোগালীক লৈ ৰাইজৰ মাজত পাৰভগা উছাহ পৰিলক্ষিত হৈছে। ভোগালীৰ উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খাবলৈ সকলোৱে প্ৰস্তুতি চলাইছে। কাইলৈ পুৱাৰ পৰাই বজাৰসমূহত মাছ-মাংস উভৈনদী হৈ পৰিব। সকলোৱে নিজ নিজ পছন্দৰ মাছ কিনিবলৈ উৎসুক হৈ আছে। তাৰ মাজতো গাঁৱত কিন্তু কিছু ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা যায়। সকলোৱে খাল-বিলত মাছ ধৰি উৰুকাৰ নিশা এসাঁজ খোৱাৰ যোগাৰ কৰে।

উৰুকাৰ প্ৰাকক্ষণত মাছৰ ধৰাৰ পৰম্পৰাই অসমীয়া সমাজখনত সম্প্ৰীতি আৰু সমন্বয়ৰ সাঁকোখন সুদৃঢ় কৰি আহিছে। নিজে মাছ ধৰি উৰুকাৰ নিশা সেই মাছেৰে মিলিজুলি এসাঁজ খোৱাৰ আমেজেই সুকীয়া। সেয়েহে উৰুকা বুলিলেই শৈশৱৰ দিনবোৰ সকলোৰে মনলৈ উভতি আহে। শৈশৱৰ দিনবোৰলৈ মনত পেলাই ভোগালীৰ উৰুকা উপলক্ষে আজি মন্ত্ৰী অতুল বৰাক এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল। মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি বোকাখাতৰ কুৰুৱাবাহীৰ যোগনিয়াআটী-চহলাৰ স্থানীয় এগৰাকী প্ৰগতিশীল কৃষকৰ মীনপামত কিছু যুৱকৰ সৈতে জালেৰে মাছ ধৰা দেখা গ’ল মন্ত্ৰী অতুল বৰাক। মন্ত্ৰীগৰাকীয়ে মাছ ধৰি সকলোকে উৰুকা আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

Featured