যোৰহাটৰ দুলীয়াগাঁৱত পথাৰ পৰিদৰ্শন কৃষিমন্ত্ৰীৰ

🔹 আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা

🔹 কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কৃষি বিষয়াক আহ্বান অতুল বৰাৰ

বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : যিকোনো প্ৰতিকূল পৰিস্থিতিতে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনাইছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। আজি যোৰহাটত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত কৃষি বিভাগে জিলাখনত ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ কৃষিমন্ত্ৰী বৰাই জিলাখনৰ কিছুমান অঞ্চলৰ শালি ধানৰ খেতিপথাৰত দেখা দিয়া পোক-পৰুৱাৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে জিলাখনৰ কৃষি বিভাগে হাতত লোৱা ব্যৱস্থাসমূহ খৰচি মাৰি আলোচনা কৰে। ইয়াৰ লগতে কৃষিমন্ত্ৰী বৰাই জিলাখনত পি এম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদিৰ দৰে বিশেষ আঁচনিৰ জৰিয়তে যাতে জিলাখনৰ অধিকসংখ্যক কৃষক লাভৱান হ’ব পাৰে, সেই দিশটো নিশ্চিত কৰিবলৈও জিলা কৃষি বিষয়াক নিৰ্দেশ দিয়ে। জিলাখনত বছৰত এডৰা মাটিত কমেও দুটা খেতি কৰাৰ বাবে কৃষকক আগ্ৰহী কৰি তোলাৰ লগতে ডিজিটেল ক্ৰপ ছাৰ্ভেৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ ওপৰতো কৃষিমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে শেহতীয়া বানপানীৰ পাছত ৰাজ্যখনৰ ১৬খন জিলাৰ ৪৪২খন গাঁৱৰ প্ৰায় ৬ হাজাৰ হেক্টৰ কৃষিভূমিৰ শালিধানৰ খেতিত চৰহা পোককে ধৰি বিভিন্ন পোক-পৰুৱাই দেখা দিছে আৰু বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত প্ৰায় ৫,৭০০ হেক্টৰ কৃষিভূমিত এনে পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা হৈছে। যোৰহাট জিলাৰো ৩৫খন গাঁৱৰ ৫৮৯গৰাকী কৃষকৰ  প্ৰায় ৩১৯ হেক্টৰ শালিধানৰ পথাৰত চৰহা পোকৰ আক্ৰমণ পৰিলক্ষিত হৈছে।  মন্ত্ৰী বৰাই জিলা কৃষি বিভাগে চৰহা পোক নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয় আৰু এই পোকবিধ নিয়ন্ত্ৰণ কৰাৰ লগতে অন্য পথাৰলৈ পোকবিধৰ বিস্তাৰ ৰোধ কৰাৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ইতিমধ্যে কৃষি বিভাগে তৎকালীনভাৱে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত ২৮৫ হেক্টৰ কৃষিভূমিত এই পোকবিধৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱাৰ লগতে জিলাখনত পৰ্যাপ্ত পৰিমাণে কীটনাশক দৰব মজুত আছে বুলিও পৰ্যালোচনা বৈঠকত জিলা কৃষি বিষয়াই কৃষিমন্ত্ৰীক অৱগত কৰে। পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰী বৰাই যোৰহাট জিলাৰ ভৰলুৱা ৰাজহ গাঁৱৰ অন্তৰ্গত দুলীয়াগাঁৱৰ ধাননি পথাৰ পৰিদৰ্শন কৰি স্থানীয় কৃষকৰ সৈতে মত বিনিময় কৰে। বৈঠকত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, জিলা আয়ুক্ত পুলক মহন্ত, জিলা কৃষি বিষয়া দেৱজিৎ দত্ত প্ৰমুখ্যে কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া উপস্থিত থাকে।

Featured