মানকাচৰত ধুমুহাত বাসগৃহৰ ওপৰত ভাঙি পৰিল এয়াৰটেল টাৱাৰ

নিয়মীয়া বাৰ্তা,৩০ মে’ :  অসমৰ আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো প্ৰচণ্ড বতাহ-ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আজি দুপৰীয়া অহা ধুমুহা-বতাহৰ ফলত মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, মানুল্ল্যাপাৰা, হাটশিঙিমাৰী কুকুৰমাৰা, ফেকামাৰী, বেঙেৰভিটা কাকৰীপাৰা, আৰাটগ্ৰাম আদি অঞ্চলত গছ-গছনি, বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ লগতে এয়াৰটেলৰ টাৱাৰ ভাঙি পৰাত দুটা গৃহৰ ক্ষতিসাধন হয়। ইফালে, মানকাচৰ হাটশিঙিমাৰী পথৰ ঠায়ে ঠায়ে পথৰ ওপৰত গছ-গছনি উভালি পৰাত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। সম্প্ৰতি বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা বন্ধ হৈ আছে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured