আজমল-ৰকিবুলৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী : ড০ হিমন্ত বিশ্ব শৰ্মা

🟥বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২ মে’ : আজি বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ। মিত্ৰজোঁট তথা অগপ দলৰ ধুবুৰীৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ বিলাসীপাৰাত হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। প্ৰখৰ ৰ’দকো নেওচি বিলাসীপাৰাৰ আই এন এ খেলপথাৰত ড০ শৰ্মাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি-অগপৰ কেইবা হাজাৰ নেতা কৰ্মী। বিলাসীপাৰাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য- আজমল-ৰকিবুলে কেতিয়াবা মহাজোঁট কৰে আৰু কেতিয়াবা ভঙা জোঁট কৰে। গতিকে তেওঁলোকলৈ কমেন্ট দি কোনো লাভ নাই। এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪টা সমষ্টিতেই আমি জয়ী হ’ম। ধুবুৰীতো আমি জয়ী হ’ম। আজি বিলাসীপাৰাত অনুষ্ঠিত হোৱা বিজেপি অগপৰ যৌথ নিৰ্বাচনী সভাত ৰাইজৰ উৎসাহ উদ্দীপনাই মোৰ দৃঢ় বিশ্বাস যে জাভেদ ইছলাম বিজয়ী হ’ব। লাহে লাহে ধুবুৰী ক্লিয়াৰ হৈ আছে অহা ছয় মে লৈ সম্পূৰ্ণভাবে ক্লিয়াৰ হৈ যাব। জুবিন গাৰ্গৰ বিহু নৃত্য কপি কৰা সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ মন্তব্য- জুবিন অসমৰ সাংস্কৃতিক সম্পদ। জুবিনৰ বিহু নৃত্য যদি মই কপি কৰিছোঁ, তেন্তে সেয়া মোৰ বাবে গৌৰৱৰ কথা। তেওঁ আৰু কয় যে আজমল-ৰকিবুলক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়ক। আজমল-ৰকিবুলক যিমানেই দানা নুখোৱাক কিয়, গাখীৰ কিন্তু নিদিব। আজমল-ৰকিবুল মতা গৰু। কাৰণ দিল্লীতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ। আজি অসমত গঁড় নমৰে। ৰকিবুল হুছেইনৰ দিনত অসমত গড় মৰিছিলে। ধুবুৰীত ৰকিবুল জিকিলে কি যে হ’ব, সেয়া ভগৱান জানে! এ আই ইউ ডি এফৰ তলা আৰু নুখুলে। ৰকিবুলৰ কটা হাতৰতো কোনো কামেই নাই। আজমল-ৰকিবুলৰ ৰাজনৈতিক বাপেক ৰাহুল গান্ধী। আজমল জিকিলে প্ৰধান মন্ত্ৰী ৰাহুল গান্ধী হ’ব আৰু ৰকিবুল জিকিলেও প্ৰধান মন্ত্ৰী ৰাহুল গান্ধী হ’ব। আমাৰ প্ৰধান মন্ত্ৰী মোদী। নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘস্থায়ী ভাবে প্ৰধান মন্ত্ৰী হৈ বহি আছে। অসমতো অহা পঞ্চাছ বছৰলৈ কংগ্ৰেছ দলৰ চৰকাৰ হ’ব নোৱাৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সভাত প্ৰকাশ কৰে যে যোৱা কেইদিনমান পূৰ্বে ৰমজানৰ ৰোজা আৰু ঈদ পালন কৰিছে। ইয়াত অসমৰ কোনো পুলিছে দিগদাৰী বা অসুবিধা কৰা নাই, কোনো বিজেপিৰ মানুহে দিগদাৰী বা অসুবিধা কৰা নাই। কিন্তু বদৰুদ্দিন আজমল আৰু ৰকিবুলে ৰাইজৰ ওচৰত কৈছিল যে মোদী প্ৰধানমন্ত্ৰী হ’লে মুছলমানৰ নামাজ ৰোজা কৰিবলৈ নিদিব। এই বুলি ভূৱা কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। সেয়েহে ধূবৰীত ডাঙৰ ডাঙৰ মিছা কথা কৈ থকা আজমল-ৰকিবুলক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়া ভাল হ’ব। কংগ্ৰেছ চৰকাৰে যোৱা পোন্ধৰটা বছৰে এক লাখ চাকৰি দিব পৰা নাই কিন্তু অসমত বিজেপি চৰকাৰে এবছৰতে এক লাখ নিবনুৱাক চাকৰি দিছে। চলিত বছৰটোত পুনৰ পঞ্চাছ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ’ব। ৰাজ্যত বিজেপি চৰকাৰ থাকিলে প্ৰতিটো বছৰত নতুন নতুন বিভাগত চৰকাৰী চাকৰি দিয়া হ’ব। চাকৰি নথকা পৰিয়ালত চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যিবিলাক পৰিয়ালত চাকৰি নাই এই পৰিয়ালৰ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিব। বিজেপি চৰকাৰে দালালী বন্ধ কৰিছে। চৰকাৰী চাকৰি দিয়াৰ নামত এটকাও লোৱা নাই। এই বাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছে সকলোৰে ভৰ্তি বিনামূলীয়া কৰি দিয়া হৈছে। ছোৱালী সকলে মহাবিদ্যালয়ত নামভৰ্তি কৰিলে প্ৰতি বছৰে বেংক একাউণ্টত দহ হাজাৰকৈ টকা জমা কৰি দিব বুলি প্ৰকাশ কৰে। অহা জুলাই মাহত পুনৰ আৰক্ষী বেটেলিয়ন নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। ছোৱালীসকলৰ বাবে ত্ৰিশ শতাংশ সংৰক্ষণ কৰা হৈছে আৰু ছোৱালী সকলৰ উচ্চ শিক্ষিত কৰাৰ দায়িত্ব চৰকাৰে লৈছে। বদৰুদ্দিন আজমলে আৰু ৰকিবুলে কয় যে বিজেপি চৰকাৰে কি কৰিছে, ৰাইজক কি দিছে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সভাত প্ৰকাশ কৰে যে কংগ্ৰেছ চৰকাৰে ৰাইজক ধুতি, লুঙি, আঠুৱা, কম্বল আৰু সূতা দিছিল কিন্তু বিজেপি চৰকাৰে ৰাইজক বীনা মূলীয়া চাউল, আত্মনিৰ্ভৰশীল অসম, অৰুনোদয়, চৰকাৰী চাকৰি, আয়ুষ্মান ভাৰত, লাখপতি বাইদেউ, আদিৰ লগতে প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে প্ৰতি মাহে অৰুনোদয়ৰ টকা লাভ কৰিব। সেয়ে ধুবুৰীবাসীৰ বহুতো সমস্যা আছে সেইবোৰ সমস্যা সমাধানৰ বাবে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায়। ৰকিবুল হুছেইনে আৰু আজমলে ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে। ধুবুৰীৰ ৰাইজ দৰিদ্ৰ আৰু দৰিদ্ৰ পৰিয়ালত চাকৰিৰ প্ৰয়োজন আছে। ধুবুৰীত পথ, দলং, চিকিৎসালয়, আদিৰ উন্নয়নৰ প্ৰয়োজন আছে। সেই বাবে আজমল আৰু ৰকিবুলৰ লগত ঘুৰি ফুৰি থকা ৰাইজ সকলক ধুবুৰীৰ উন্নয়নৰ স্বাৰ্থত, নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অহা সাত মেৰ দিনা অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায়। বিলাসীপাৰা জিলা বিজেপিৰ সম্পাদক দীপেশ দাসে আতঁ ধৰা সভাত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড০ অশোক কুমাৰ সিংহী, বিজেপিৰ জিলা সভাপতি দেৱজিৎ বৰকলিতা, বিজেপিৰ জিলা উপ-সভাপতি পুৰন্দৰ নাথ, শংকৰপ্ৰসাদ ৰায়, অগপ নেতা অমৰেন্দ্ৰ নাথ, সত্যব্ৰত কলিতা, জীৱেশ ৰায়, বিলাসীপাৰা পৌৰসভাৰ মনালিছা দাস, প্ৰফুল্ল কলিতাকে ধৰি অগপ বিজেপি দলৰ নেতা কৰ্মী সকলে উপস্থিত থাকে।সভাথলীত ৰাইজৰ ভীৰ লেখতলবলগীয়া আছিল।

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured