তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ উচুপি উঠিল বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে জি এম চি এইচত উপস্থিত হোৱা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে উচুপি উঠে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৱেগিক হৈ পৰা আজমলে উচুপি উচুপি কয়-“আমি তেখেতৰ কাৰণে দোৱা কৰি আছোঁ। এতিয়ালৈকে আমি আশাবাদী। তেখেত ঘূৰি আহিব, আমাৰ মাজলৈ আহিব।”

এমাহ পূৰ্বে গগৈক আই চি ইউত সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি চকুলো টুকে ধুবুৰীৰ সাংদগৰাকীয়ে।

লগতে পঢ়কঃ আজৱ পৰম্পৰাঃ ২১ বছৰলৈ যুৱতী ভাৰ্জিন হৈ থকাটো বাঞ্ছনীয় এই দেশত, পালন কৰে উৎসৱ