আজমলৰ দৰে লোকক শংকৰ সংঘৰ মঞ্চত স্থান নিদিব : মুখ্যমন্ত্ৰী

ৰঙিয়াত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : ৰঙিয়াত অনুষ্ঠিত হোৱা ৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ আজি অন্তিম দিনা মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ লগত বাপ-বান্ধৱ ,আয় মাতৃ সকলেও মামা মামা ধ্বনিৰে আদৰিলে মুখ্যমন্ত্ৰীগৰাকীক ৷ ভাষণ প্ৰসংগত মুখ‍্যমন্ত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত বদৰুদ্দিন আজমলৰ উপস্থিতি সম্পৰ্কে উল্লেখ কৰি কয় যে বদৰুদ্দিন আজমল এনে এজন ব্যক্তি, যিয়ে নাৰী সমাজক ভোগৰ পন‍্য সামগ্ৰীৰ লগত তুলনা কৰে, যিয়েই নাৰীক বোৰ্খাত ৰাখিব বিচাৰে। তেনে মানুহক নিজৰ মঞ্চত স্থান নিদিবলৈ সংঘক অনুৰোধ কৰে। তেওঁ লগতে কয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ আছে আৰু তেওঁ মুখ‍্যমন্ত্ৰী পদত অধিস্থিত হৈ আছে কোনো অসুবিধাৰ বিষয়ে চিন্তা কৰিব নালাগে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে উদ‍্যোক্তাসকলৰ লগতে ভকত বৈষ্ণৱ সকলে খোল তালেৰে মুল মঞ্চলৈ আদৰি আনে। মুখ‍্যমন্ত্ৰীগৰাকীয়ে ৰামায়ণী সাহিত্যৰ বিষয়ে লিখা গ্ৰন্থ আদি কান্ত উত্তৰা কান্ত সমীক্ষাত্মক অধ‍্যয়নৰ বিষয়ে সংঘৰ সাহিত্য শাখাই প্ৰকাশ কৰা এখন গ্ৰন্থ আৰু সংঘৰ ৰঙিয়াৰ যুৱক সকলে প্ৰকাশ কৰা ৰূপহী ৰঙিয়া নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে। সভাখনত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাকে ধৰি সংঘৰ বহু লোক উপস্থিত থাকে।

প্ৰেৰক ফাৰুক হুছেইন

Featured