ৰাজপথত অসম জাতীয় পৰিষদৰ কর্মী আৰক্ষীৰ প্রচণ্ড হতাহতি

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰাজপথ উত্তাল কৰিলে অসম জাতীয় পৰিষদে৷ খাদ্য–সামগ্রীৰ পৰা ঔষধলৈ, ইন্ধনজাত সামগ্রী, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি নির্মাণ সামগ্রীলৈ সকলোতে অনিয়ন্ত্রিত মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তুলিছে৷ কিন্তু এইক্ষেত্রত সম্পূর্ণ নীৰৱ কেন্দ্র আৰু ৰাজ্য চৰকাৰ৷ ইয়াৰ প্রতিবাদতে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নেতা–কর্মীসকলে চৰকাৰৰ গুৰুত্বহীনতাক উদঙাই শ্লোগানেৰে উত্তাল কৰে মহানগৰীৰ গুৱাহাটী ক্লাবৰ টিচি পইণ্ট৷ প্রতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে টিচি পইণ্টৰ পৰা ৰাজভৱনলৈ পদযাত্রা আৰম্ভ কৰে৷ ৰাজভৱনলৈ যাত্রা কৰা পথত আৰক্ষীয়ে চাৰিটা পৃথক স্থানত বেৰিকেড বহুৱায় যদিও প্রতিবাদকাৰীসকলে আটাইকেইটা বেৰিকেড ভেদ কৰি ৰাজভৱনৰ সন্মুখত উপস্থিত হয়৷ বেৰিকেড ভেদ কৰিবলৈ যোৱা প্রতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে প্রতিবাদকাৰীৰ কেইবা ঠাইত ঠেলা–হেঁচা আৰু হতাহতিৰ সৃষ্টি হয়৷ বেৰিকেড অতিক্রম কৰি আগবাঢ়ি যোৱা প্রতিবাদকাৰীক ৰখাবলৈ কেইবাঠাইত আৰক্ষীয়ে তেওঁলোকক খেদি যায় যদিও ব্যর্থ হয়৷

আনহাতে, সমদলকাৰীক বাধা দিয়াৰ নামত অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ডিঙিত চেপি ধৰাৰ ফলত বসুমতাৰীৰ ডিঙিৰ ছাল ফাটি তেজ নির্গত হয়৷ জাতীয় যুৱ শক্তিৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক জিণ্টু ডেকাৰ বুকুত এগৰাকী আৰক্ষীয়ে গতা মাৰি দিয়াৰ ফলত ডেকাৰ মুখেৰে তেজ ওলাই আহে৷ আহত ডেকাক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন কৰোৱা হয়৷ তদুপৰি গীতা ৰাভা নামৰ আন এগৰাকী দলীয় সদস্য আৰক্ষীৰ আক্রমণত আহত হয়৷ এনেদৰে ঠেলা–হেঁচা, টনা–আঁজোৰা, খেদা–খেদিৰে প্রায় ডেৰ কিলোমিটাৰ পথ প্রায় এঘণ্টা সময় পদযাত্রা কৰি প্রতিবাদকাৰীসকল ৰাজভৱনৰ সন্মুখত উপস্থিত হয় আৰু তাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লতাশিল থানালৈ লৈ যায়৷

আনহাতে, দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা প্রতিনিধি দলে ৰাজভৱনলৈ গৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতত স্মাৰক–পত্র অর্পণ কৰে৷ দলৰ সভাপতিৰ লগতে কার্যকৰী সভাপতি পবিন্দ্র ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকাৰে গঠিত প্রতিনিধি দলটোৱে ৰাজ্যপালক প্রদান কৰা স্মাৰক–পত্রখনত অনিয়ন্ত্রিত মূল্যবৃদ্ধি নিয়ন্ত্রণৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷

ইফালে, প্রতিবাদী কার্যসূচীত ভাগ লোৱা প্রতিবাদকাৰীক আৰক্ষীৰ লোকে আক্রমণ কৰি আহত কৰা ঘটনাক দলৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই গৰিহণা দিয়ে৷ নেতাদ্বয়ে কয় যে ৰাইজৰ জীৱন–জীৱিকাৰ সৈতে জডিত বিষয়ক লৈ প্রতিবাদ কৰিবলৈ যোৱা লোকৰ ওপৰত আৰক্ষীয়ে আক্রমণ কৰা কার্যত চৰকাৰখনৰ মন–মানসিকতা প্রতিফলিত হৈছে৷ যি সময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে চকুৰে ধুঁৱলি–কুঁৱলী দেখিছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্রীকে ধৰি সমগ্র মন্ত্রীমণ্ডল ভোট বিচৰাৰ নামত বহুৱালি কৰাত ব্যস্ত৷ ৰাইজৰ দুর্দশাই তেওঁলোকৰ অন্তৰ চুব পৰা নাই৷ এনে এখন চৰকাৰৰ আচলতে ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই৷ একমাত্র নিজৰ ঐশ্বর্য–বিভূতি ঘটা আৰু দলৰ শক্তি বৃদ্ধি কৰাটো বিজেপি দল আৰু তেওঁলোকৰ চৰকাৰৰ যে একমাত্র লক্ষ্য আৰু উদ্দেশ্য সেই কথা লুকাই থকা নাই৷ চৰকাৰখনৰ এনে স্বার্থান্বেষী আৰু ফেচীবাদী কার্যৰ বিৰুদ্ধে ৰাইজে মাৰবান্ধি থিয় দিয়াৰ সময় আহি পৰিছে বুলি গগৈ আৰু ভূঞাই মত প্রকাশ কৰে৷