ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ফাঁচীৰ দাবী অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ৰাজ্য কঁপাই যোৱা সনাতন ডেকা, দেৱাশিষ গগৈৰ হত্যাকাৰীৰ তদন্ত মাৰ নাযাওঁতেই পুনৰ নুনমাটিৰ ঋতুপৰ্ণ পেগুক অতি নিৰ্মমভাৱে হত্যা কৰা হ’ল। এজনৰ পিছত এজন খিলঞ্জীয়া ভূমিপুত্ৰ নৰ পিশাচৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

   শেহতীয়াকৈ ঋতুপৰ্ণ পেগুক অতি নিৰ্মমভাৱে দিঙি ৰেপি হত্যা কৰাক কাৰ্যক লৈ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক নিৰাপত্তা দিয়াৰ শ্লোগানৰে দায়িত্বলৈ অহা আজিলৈকে কিয় খিলঞ্জীয়া ভূমিপুত্ৰক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে।

  আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে উক্ত ঘটনাৰ লগত জড়িত দোষীসকলক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ফাঁচীৰ দাবী জনায়।

অন্যহাতে সভাপতি গৰাকীয়ে উল্লেখ কৰে যে এইদৰে মুক্ত হত্যালিলাৰ কাণ্ডত জড়িত দোষীৰ শাস্তিৰ ক্ষেত্ৰত আদালতৰ ন্যায় প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ বাবে দোষীয়ে শাস্তি পোৱাত বহু পলম হয়গৈ। সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে উচিত ন্যায়ৰ দাবীত দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী জনোৱাৰ লগতে ঋতুপৰ্ণ পেগুৰ সন্তানৰ লগতে পত্নীক চৰকাৰে চৰকাৰী সংস্থাপন দিয়াৰ লগতে ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য দিবলৈ দাবী জনায়।