নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আঞ্চলিক ৰাজনীতিৰ নতুন সমীকৰণৰ সমান্তৰালভাৱে সদৌ অসম ছাত্র সন্থাৰ সমাগত অধিৱেশনো এতিয়া ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো এই অধিৱেশনত আছুৰ নতুন প্রজন্মৰ নেতাই সংগঠনৰ দায়িত্বভাৰ লোৱাৰ উপৰি বর্তমানৰ অধিকাংশ নেতাই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ত যোগদান কৰিব৷
চর্চা অনুসৰি, নতুন সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ দাবীদাৰ হৈছে গুৱাহাটী আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেইবাগৰাকীও মেধাৱী ছাত্র৷ আদবয়সলৈকে আছুৰ নেতৃত্ব খামুচি থকাৰ বদনামৰ পৰা মুক্ত কৰিবৰ বাবেই বর্তমানৰ নেতাসকলে এই পদক্ষেপ লৈছে৷ একে সময়তে অহা নৱেম্বৰ মাহৰ প্রথম ভাগত দুলীয়াজানত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত অসমৰ সর্ববৃহৎ ছাত্র সংগঠনটোৰ সংবিধানৰ কেইবাটাও গুৰুত্বপূর্ণ সালসলনি হোৱাৰ সম্ভাৱনা আছে৷
জানিব পৰা মতে, এই সংবিধান সংশোধনীৰ জৰিয়তে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল নূ্যনতম স্নাতক ডিগ্রী লাভ কৰা হ’ব লাগিব৷ একেদৰে আছুৰ সদস্য তথা বিষয়ববীয়াসকলৰ বাবে নির্ধাৰণ কৰি দিয়া হ’ব বয়সৰ ঊর্ধ্বসীমা৷ সেই অনুসৰি কোনো এগৰাকী বিষয়ববীয়াই ৪০ বছৰ অতিক্রম কৰাৰ লগে লগে তেওঁ ছাত্র সংগঠনটোৰ পৰা অব্যাহতি ল’ব লাগিব৷
সদৌ অসম ছাত্র সন্থাক কেৱল ছাত্রৰ সংগঠন হিচাপে গঢ়ি তোলাৰ বাবেই সাংবিধানিক সালসলনিৰ প্রস্তুতি চলোৱা হৈছে৷ অৱশ্যে ইয়াৰ বাবে বর্তমানৰ ৰাজ্যিক কার্যনির্বাহকৰ সর্বসন্মত প্রস্তাৱ আৰু সাধাৰণ সভাত অনুমোদনৰ প্রয়োজন হ’ব৷ ছাত্র সন্থাৰ সংবিধানৰ এনে সংশোধনে স্বাভাৱিকতে বহু জ্যেষ্ঠ নেতাৰ আশাত চেঁচাপানী ঢ়ালিব৷
তদুপৰি ৪০ ঊর্ধ্বৰ নেতাসকলৰ বাবে মুকলি থাকিব আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হোৱা ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ দুৱাৰ৷ সদৌ অসম ছাত্র সন্থাৰ মজিয়ালৈ আহিবলগীয়া এই পৰিৱর্তনে বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্র–ছাত্রীৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব৷