কাইলৈ গুৱাহাটীত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

🔹 সমৱেত হ’ব ডেৰ লাখ লোক

বিশেষ বাৰ্তা, ২৮ এপ্রিল : নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ হৈ গৃহমন্ত্রীগৰাকীয়ে কাইলৈ গুৱাহাটীত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত পৰহি অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত অমিত শ্বাহৰ ভ্রমণ সন্দর্ভত বিস্তৃত আলোচনা কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, ২৯ এপ্রিলত অমিত শ্বাহে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ এক ৰোড শ্ব’ত অংশ ল’ব৷ গৃহমন্ত্রীগৰাকীয়ে অংশ ল’বলগীয়া এই ৰোড শ্ব’ৰ বাবে কালি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয় আন এখন গুৰুত্বপূর্ণ বৈঠক৷ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে ৰোড শ্ব’ সন্দর্ভত বিস্তৃত আলোচনা কৰাৰ লগতে কেইবাগৰাকীও কার্যকর্তা–নেতাক অর্পণ কৰা হয় এলানি দায়িত্ব৷ অমিত শ্বাহৰ ৰোড শ্ব’ সন্দর্ভত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্রকাশ কৰা মতে, গৃহমন্ত্রীগৰাকীৰ এয়া হ’ব তৃতীয়টো ৰোড শ্ব’৷ ইতিমধ্যে তিনিচুকীয়া আৰু শিলচৰত বিশাল ৰোড শ্ব’ কৰাৰ পিছত ২৯ এপ্রিলত গুৱাহাটীত হ’ব লগা ৰোড শ্ব’ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ প্রায় ডেৰ লাখ লোক সমৱেত হ’ব লগা এই ৰোড শ্ব’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতা, অগপৰ নেতাসকলেও অংশগ্রহণ কৰিব৷ ইফালে, দ্বিতীয় পর্যায়ৰ নির্বাচনৰ ভোটদানৰ হাৰ বৃদ্ধি পোৱা বিষয়টোৱে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যিক বিজেপিক৷ কালি ভৱেশ কলিতাই দ্বিতীয় পর্যায়ৰ নির্বাচন সন্দর্ভত কয় যে প্রথম পর্যায়ৰ নির্বাচনৰ দৰে দ্বিতীয় পর্যায়ৰ নির্বাচনতো দলে আশানুৰূপ ফলাফল লাভ কৰিব৷ নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত দলে ভবাতকৈ যথেষ্ট ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ কিয়নো, দুয়োটা সমষ্টিতে সংখ্যালঘু লোকে বিজেপিক মুকলিকৈ সমর্থন দিছে৷ কার্যতঃ এই নির্বাচনতে সংখ্যালঘু লোকৰ সমর্থন বিজেপিৰ প্রতি পূর্বতকৈ বৃদ্ধি পাইছে৷ ইয়াৰ ফল তৃতীয় পর্যায়ৰ নির্বাচনতো দলে লাভ কৰিবলৈ সক্ষম হ’ব৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত বিজেপিয়ে শোণিতপুৰ, দৰং–ওদালগুৰি আৰু ডিফু সমষ্টিত হেলাৰঙে জয়লাভ কৰাৰ বিপৰীতে নগাঁও আৰু কৰিমগঞ্জ সমষ্টিতো জয়লাভ কৰিবলৈ সক্ষম হ’ব৷ আনহাতে, তৃতীয় পর্যায়ৰ নির্বাচনত গুৱাহাটী সমষ্টি দলৰ বাবে অতি সহজ হৈ থকা বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত মিত্রদল অগপ আৰু ইউপিপিএলৰ প্রার্থীক জয়যুক্ত কৰাৰ ক্ষেত্রত বিজেপিয়ে সকলোধৰণৰ চেষ্টা চলাব৷ মন কৰিবলগীয়া যে দলৰ এনে প্রস্তুতিৰ সময়তে পৰহি নগাঁৱত দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সভাপতি ৰাজেন গোহাঁয়ে নগাঁও সমষ্টিৰ প্রার্থিত্বক লৈ প্রকাশ কৰা বিতর্কিত মন্তব্যক লৈও কালি ভৱেশ কলিতাই প্রতিক্রিয়া প্রকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত ভৱেশ কলিতাৰ মন্তব্য– ৰাজেন গোহাঁয়ে যি বক্তব্য আগবঢ়াইছে, সেয়া কোৱাটো উচিত হোৱা নাই৷ দলৰ মজিয়াত এই সন্দর্ভত আলোচনা হ’ব৷

Featured