অৱশেষত সন্ধান ওলাল বিশ্বজিত দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অৱশেষত সন্ধান ওলাল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ। কিছুসময় পূৰ্বে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে টুইট কৰি এই কথা সদৰী কৰে।

উল্লেখ্য যে, প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্র অমিতৰাজ দৈমাৰী মঙলবাৰে বিয়লিৰে পৰা সন্ধানহীন হৈ আছিল৷ পাব্লিক ৰিয়েলিটী স্কুলৰ ছাত্র অমিতৰাজ বিয়লি তিনি বজাৰ পৰা সন্ধানহীন হৈ আছিল৷ চহৰখনৰ পৰা প্রায় ৩ কিলোমিটাৰ নিলগৰ চান্দামাৰীত অৱস্থিত পাব্লিক ৰিয়েলিটী স্কুলৰ ছাত্রজন পুৱাৰ ভাগত শ্রেণীলৈ আহিছিল৷ কিন্তু বিয়লিৰ পাছত তেওঁ সন্ধানহীন হৈ পৰে৷

Featured