ৰূপহীহাটৰ ভূৰবন্ধাত বানপানীৰ মাজত এখন ব্যতিক্ৰমী বিয়া

নিয়মীয়া বাৰ্তা, ৩ জুলাই : ৰূপহীহাটৰ ভূৰবন্ধাত বানপানীৰ মাজত এখন ব্যতিক্ৰমী বিয়া। কেউফালে পানী আৰু পানী। তাৰ মাজতে সুকলমে সম্পন্ন হ’ল এখন বিবাহ। ৰূপহীহাটৰ ২নং ভূৰবন্ধা নিবাসী ব্ৰজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ চলি থকাৰ মাজতে আহিল ব্ৰহ্মপুত্ৰৰ বলিয়া বান। বেলগুৰিৰ দৰা সুৰজিৎ মণ্ডলৰ সৈতে কইনা শিল্পী মণ্ডলৰ বিবাহ পানীৰ মাজতে সম্পন্ন হ’ল যদিও দৰা-কইনা ঘৰলৈ বুলি উভতিব লগা হ’ল কলৰ ভূৰত। পানীৰ মাজতে বেণ্ড পাৰ্টীয়ে বেণ্ড বজাই আনন্দত আত্মহাৰা হৈ পৰিল দৰা আৰু কইনাঘৰীয়া সকলো। ১৫ দিন আগতে ঠিক হৈছিল দুয়োৰে বিবাহৰ দিন। কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে লগালে কেণা ৷ পানীৰ মাজতেই সুকলমে সম্পন্ন হ’ল বিবাহ৷ কলৰ ভূৰেৰে দৰাঘৰলৈ উভতিল কইনা আৰু দৰা।

প্ৰেৰক জহিৰুল ইছলাম

Featured