বানবিধ্বস্ত যমুনামুখৰ ভিন্ন অঞ্চল পৰিদৰ্শন হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ২৪ মেঃ হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে আজি জিলাখনৰ বানবিধ্বস্ত যমুনামুখৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে । উপায়ুক্ত জনে শীঘ্ৰে যাতায়তৰ সুচল হোৱাকৈ কামপুৰ যমুনামুখ , ডবকা যমুনামুখ পথটিৰ মেৰামতিৰ কৰিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে।। বানে এই অঞ্চলৰ মথাউৰি সমুহ ভাঙি পেলোৱাত পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সৰুপথাৰ যমুনামুখ সংযোগী পথটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰিবলৈ সমগ্ৰ ৰাইজে উপায়ুক্ত জনক আহ্বান জনায় । উপায়ুক্ত জনে বানাক্ৰান্ত সকলে সঠিকভাবে সাহায্য সামগ্ৰী লাভ কৰিছে নে নাই সেই বিষয়টো তদন্ত কৰে । উপায়ুক্তজনৰ লগত বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত আছিল ।

প্ৰেৰক কিশলয় ডি গোস্বামী