আব্দুৰ ৰছিদ মণ্ডলক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ এপ্ৰিলঃ গোৱালপাৰা পশ্চিমৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডললৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে। ৰছিদ মণ্ডলক দলবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। কিয়নো বৰ্তমান দেশত চলি আছে লোকসভা নিৰ্বাচন। সেই অনুসৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ সামৰণি পৰাৰ পিছত অহা ৭ মেত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব। অসমতো তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটগ্ৰহণ অনুষ্ঠিত হব। কিন্তু ধুবুৰী সমষ্টিক লৈ কংগ্ৰেছৰ মাজত তীব্ৰ বিবাদ চলি আছিল। সেই বিবাদে স্পষ্ট ৰূপ লয় ৰছিদ মণ্ডলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ শীতল বিৰোধিতা পৰিণতিত। কিয়নো চলি থকা প্ৰচাৰৰ সময়ত ধুবুৰী লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক সহায় নকৰাৰ অভিযোগ উঠিছে ৰছিদ মণ্ডলৰ বিৰুদ্ধে। উল্লেখ্য যে আজি দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ কাইলৈৰ ভিতৰত আব্দুৰ ৰছিদ মণ্ডলক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে প্ৰদেশ কংগ্ৰেছে।

Featured