এপিএছচি কোচিং চেণ্টাৰ জ্বলোৱা দুৰ্বৃত্তক কৰায়ত্তৰ দাবীৰে বকোত ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ বকোত ১১ ছেপ্তেম্বৰৰ নিশা বকোস্থিত এপিএচচি কোচিং চেণ্টাৰ কোনো দূৰ্বৃত্তই জলোৱা ঘটনাৰ বিষয়ে বকো আৰক্ষী থানাত ঘটনাৰ লগত জড়িত দূৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ এজাহাৰ দাখিল কৰাৰ পিছত আজিলৈ কোনো দুৰ্বৃত্তক তদন্তৰ আওঁতালৈ আনি কৰায়ত্ত নকৰাত আজি বকো গান্ধী ময়দানত ৰাভা জাতীয় পৰিষদৰ উদ্যোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।এই ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লো’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে ‘ৰাভা হাছঙত মৌলিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক’, ‘শিক্ষানুষ্ঠানত অগ্নিসংযোগ কৰা দুৰ্বৃত্তক  গ্ৰেপ্তাৰ কৰক’ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু বকো এপিএচচি কোছিং চেণ্টাৰৰ স্বতাধিকাৰী ৰঞ্জন ৰাভাই অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাৰ দিনাই বকো আৰক্ষী থানাত দিয়া এজাহাৰত সন্দেহযুক্তভাৱে উল্লেখ কৰা লোকক তদন্তৰ আওতালৈ আনি সোধ পোচ কৰাৰ লগতে এই ঘটনাত জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আহ্বান জনাই।আনফালে একেদিনাই, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিৰ উদ্যোগত বকো ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বকো এপিএচচি কোচিং একাডেমীত অগ্নিসংযোগ কৰা দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই বকো ৰাজহ চক্ৰ কাৰ্যালয়লৈ প্ৰতিবাদ সাব্যস্ত কৰি গৈ বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক প্ৰীতম বায়ন

Featured