এপিএছচিৰ প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মে’ : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০২৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে৷ ফলাফল অনুসৰি সর্বমুঠ ২৮৯৮জন পৰীক্ষার্থীয়ে মূল পৰীক্ষালৈ যোগ্যতা অর্জন কৰিছে৷ ইয়াৰে ৭১৯গৰাকী মহিলা, ১০৬জন বিশেষভাৱে সক্ষম আৰু ১০২জন প্রাক্তন সৈনিক৷ আয়োগৰ সচিবে এক বিজ্ঞপ্তিত প্রকাশ কৰা অনুসৰি পোনপ্রথমবাৰৰ বাবে কেইবাটাও বিশেষত্বৰে ২০২৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ এই পৰীক্ষাত প্রথমবাৰলৈ মৰাণ–মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতে প্রার্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিছে৷ তদুপৰি প্রাৰম্ভিক পৰীক্ষাত প্রথমবাৰৰ বাবে অ’এমআৰ শ্বিটৰ সৈতে প্রার্থীৰ বাবে কার্বন প্রতিলিপি উপলব্ধ কৰা হৈছিল৷ উল্লেখযোগ্য যে ৩২খন জিলাৰ ১১৬টা কেন্দ্রত সর্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৫১জন প্রার্থীয়ে আবেদন কৰিছে৷ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা জুলাই মাহৰ শেষ ভাগত অনুষ্ঠিত হ’ব৷ মূল পৰীক্ষাৰ প্রশ্ণকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ’ব৷ পৰীক্ষার্থীসকলে মূল পৰীক্ষাৰ প্রশ্ণোত্তৰ অসমীয়া মাধ্যমতো লিখিব পাৰিব বুলি সচিবে বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰিছে৷

Featured