মুকলি আকাশৰ তললৈ APSC কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পাল

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: দুর্নীতি–অনিয়মেৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ক কলংকিত কৰা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালে আদালতত লাভ কৰিছে সাময়িক সকাহ৷ তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত শুকুৰবাৰে জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পালক গ্রেপ্তাৰ কৰাৰ পিছত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল৷ মন পছন্দৰ প্রার্থীক চাকৰিত নিযুক্তি দিবলৈ তেওঁ গ্রহণ কৰা বক্রপথে সকলোৰে চকু কপালত তুলিছিল৷ ডিব্রুগড় আৰক্ষীৰ সমান্তৰালকৈ বিভিন্ন অভিযোগত চিআইডিসহ কেইবাখনো আৰক্ষী থানাত পালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷

অৱশেষত ৬ বছৰ ৪ মাহ কাৰাগাৰত থকা ৰাকেশ পালৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে।

Featured