ঢেকীয়াজুলিত নগদ ধনসহ তীৰ খেলৰ বুকীক গ্ৰেপ্তাৰ 

বিশেষ বাৰ্তা,  ৭ মে’ : ঢেকীয়াজুলিৰ বাটাচীপুৰত নগদ ধনসহ এজন তীৰৰ বুকীক ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বাটাচীপুৰৰ ভিন্ন স্থানত অবৈধ তীৰৰ বেহা চলাই অহাৰ তথ্য লাভ কৰি ঢেকীয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰ, উপ-পৰিদৰ্শক সুৰজিৎ মান্টাৰ লগতে অসম বেটেলিয়নৰ দল এটাই আজি যুটীয়াভাৱে অভিযান চলাই নিৰ্মল বসুমতাৰী (৪৪) নামৰ এজন তীৰৰ বুকীক নগদ ৪,২৫০ টকাসহ গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে । গ্ৰেপ্তাৰ হোৱা তীৰৰ বুকীজনৰ বিৰুদ্ধে ঢেকীয়াজুলি আৰক্ষী থানাত 70/24 U/S 14 of AGB Act নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা সৰকাৰে জনায় ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured