হোজাইত ঐতিহাসিক কীৰ্তিচিহ্ন জলমগ্ন : উদ্ধাৰ অভিযানত সেনাবাহিনী নিয়োগ : বানত উটি গল বন্যহস্তী

নিয়মীয়া বার্তা, ১৭ মে: যোৱা নিশাৰে পৰা হোজাইৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে হোজাই লংকা আৰু ডবকাত হঠাৎ বান পৰিস্থিতি জটিল হৈ পৰিছে । কালি হোজাই জিলাৰ ৬৫ খন ৰাজহ গাঁও বানত আক্রান্ত হৈছিল যদিও নিশা কপিলীৰ জলস্তৰ বাঢ়ি উপনৈ সমূহ উফন্দি উঠাত বাতৰি লিখা পৰলৈকে প্ৰায় আশী খনৰো অধিক গাঁও বানত আক্রান্ত হৈছে বুলি বেচৰকাৰী তথ্যত প্ৰকাশ। হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে বৰ্তমানলৈকে ৭৬ খন গাঁও বানৰ কবলত পৰাৰ তথ্য সদৰী কৰিছে । উপায়ুক্ত জনে জিলাখনৰ প্ৰায় এশ টা স্থানত ৰিলিফ সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰে । প্ৰায় এক লাখ লোক বানত আক্রান্ত হৈছে যদিও জিলা প্ৰশাসনে স্থাপন কৰা প্ৰায় পঞ্চাশ টা আশ্ৰয় শিবিৰত ষাঠি হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰি আছে । হোজাইৰ ভয়াবহ এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হোজাইৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে হোজাইৰ বিধায়ক ৰামকৃষ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু বিজেপিৰ কৰ্মকতা সকলক লৈ বানাক্ৰান্ত সকলৰ খা খবৰ লৈ উদ্ধাৰ আৰু বান সাহায্যৰ সন্দৰ্ভত প্ৰশাসনৰ লগত আলোচনাত মিলিত হয় । এই আলোচনাৰ পিছত সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগত আন এখন বৈঠকত মিলিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেনা বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত সেনাবাহিনীৰ ছয় খন নাওঁৰ জৰিয়তে উদ্ধাৰ অভিযানত সেনাবাহিনী নামি পৰে বুলি জিলা উপায়ুক্তই প্ৰকাশ কৰে । সেনাবাহিনীৰ এই উদ্ধাৰকাৰী দলটোৰ দুটা ভাগত বিভক্ত হৈ হোজাই আৰু ডবকা ৰাজহ চক্ৰৰ বানাক্ৰান্ত সকলৰ উদ্ধাৰত নামি পৰিছে । উল্লেখযোগ্য যে, আজি এই জলবন্দী উদ্ধাৰ কাৰ্যত চাৰিখন এন ডি আৰ এফ আৰু সাতখন এছ ডি আৰ এফ দলৰ উদ্ধাৰকাৰী নাও ব্যৱহাৰ কৰি পায় তিনি হাজাৰ লোকক ইতিমধ্যে নিৰপদে উদ্ধাৰ কৰে যদিও এতিয়াও প্ৰায় দুই হাজাৰৰো আদিক লোক জলবন্দী হৈ থকাৰ তথ্য পোহৰলৈ আহিছে । ইফালে প্ৰবল সোঁতৰ বাবে বহু ঠাইত উদ্ধাৰকাৰী দলে অভিযানত পলম হয়। আজি নিশাও সেনাবাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাব বুলি জনা গৈছে । ইয়াৰ উপৰিও যদি প্ৰয়োজনত বায়ু সেনা নিয়োগ কৰাৰ বাবে প্ৰশাসন সাজু হৈ আছে । ইফালে জিলা প্ৰশাসনে স্থাপন কৰা বহু কেইটা আশ্ৰয় শিবিৰত পানী সুমোৱাত আশ্ৰয় শিবিৰ সমূহ স্থানান্তৰিত কৰা হয় । ইফালে জিলাখনৰ মুঠ এশ ত্ৰিশ খন বিদ্যালয় বৰ্তমান পানীত তলত । ইয়াৰে যোগিজান আৰু লংকা শিক্ষা খণ্ডত ক্ৰমে ১১৬ খন আৰু ১৪ খন বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । জিলা প্ৰশাসনে বানৰ ফলত ওখ ঠাইত আশ্ৰয় লোৱা লোক সকলৰ বাবে প্ৰায় এহেজাৰ খন তিৰপাল বিতৰণ কৰিছে । নিশাৰ ভাগলৈ পৰিবেশ যদি ভয়াবহ হয় তেন্তে বানাক্ৰান্ত সকলৰ বাবে হোজাই চহৰৰ বহু কেইখন বিদ্যালয়ত শিবিৰ স্থাপনৰ বাবে সাজু কৰি ৰাখিছে । হোজাইৰ বহু ঠাইৰ বানাক্ৰান্ত সকলে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে । জিলা উপায়ুক্তই এই বানাক্ৰান্ত সকলক খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্দেশ দিছে । হোজাইৰ বান পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ঠায়ে ঠায়ে মথাউৰী, পথ আদি ছিঙি যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাত প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগানত প্ৰশাসন অসুবিধাৰ সন্মুখীন হৈছে । হোজাইৰ যমুনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিকিৎসক গৃহ, দৰব বিতৰণ কেন্দ্ৰ আদিও পানীত ডুব গৈছে । ইফালে এই বানৰ ফলত দক্ষিণ হোজাই বন সংমণ্ডলৰ বিস্তৰ ক্ষতি সাধন হয় । এই সংমণ্ডলৰ অধীনৰ কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ সোতৰ আৰু বিশ হেক্টৰৰ দুখন বাগান সম্পূৰ্ন ৰূপে ধংশ হোৱাৰ উপৰিও লস্কৰ পথাৰ আৰু কোমোৰাকটা বিট অফিচ দুটা ক্ষতিগ্ৰস্ত হয় বুলি দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গুণদ্বীপ দাসে প্ৰকাশ কৰে । এই বানৰ ফলত এই সংমণ্ডলৰ প্ৰায় পঞ্চাশটা বন্য হস্তিয়ে ওখ ঠাইত আশ্ৰয় লৈছে । উল্লেখ্য যে, হোজাইৰ কোমোৰাকটা বনাঞ্চলৰ এটা হাতী কপিলীৰ বাঢ়নী পানীত পৰি উটি উটি যায় । এই সংমণ্ডলৰ বহু কেইখন বনাঞ্চল ক্ষতিগ্ৰস্ত হোৱা বুলি বিষয়া জনে প্ৰকাশ কৰে । ইফালে কপিলী আৰু ইয়াৰ উপ নৈৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক গাঁও জলমগ্ন কৰাৰ লগতে প্ৰায় একলাখ লোক ক্ষতিগ্ৰস্ত হৈছে । জিলা প্ৰশাসনে পাৰ্যমানে আৰ্টজনক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া পৰ্যাপ্ত নোহোৱাৰ অভিযোগ উঠিছে । বানৰ এই তাণ্ডৱ মাজতেই হোজাইৰ ঐতিহাসিক কৃতি চিহ্ন সমূহ পানীত তল গৈ বিস্তৰ ক্ষতিসাধন হৈছে । অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগৰ দ্বাৰ সংৰক্ষিত ঐতিহাসিক যোগিজান অঞ্চলৰ ৰাজবাৰী, ন নাথ, শংখ্যা দেৱী, ন ভঙা মন্দিৰৰ চৌহদ আদি পৌৰাণিক পৌৰাণিক কৃতি চিহ্ন বৰ্তমান পানীত তল গৈছে । এই বানৰ ফলত উক্ত কৃতি চিহ্ন বোৰৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকা কৰিছে হোজাইৰ সচেতন লোক সকলে । ইফালে যোৱা নিশাৰে পৰা জলস্তৰ পুনৰ বৃদ্ধি পোৱাত হোজাইৰ বৃহত্বৰ যোগিজান অঞ্চলৰ ন ন অঞ্চল পানীত বুৰ গৈ বহু লোক আক্রান্ত হৈছে । নিশা পানীৰ মাজতেই যোগিজান শিৱপূৰ অঞ্চলৰ বহু লোকে নিজ ঘৰ দুৱাৰ এৰি ৰেল পথত আশ্ৰয় লৈছে । এই বানত বহু পশুধন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে । ইফালে ক্ৰমশঃ বৃদ্ধি হোৱা পানীৰ ফলত হোজাই- গুৱাহাটী ৰেল পথৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । ৰেল পথৰ বহু অঞ্চলৰ মাটি খহি যোৱাত যি কোনো মুহূৰ্ত্বত ৰেল যোগাযোগ বিছিন্ন হোৱাৰ সম্ভাৱনা আছে । ইফালে কপিলীৰ লগতে হোজাই চহৰৰ প্ৰৱেশ দ্বাৰৰ ডিমৰু নৈ উফন্দি অহাত হোজাইৰ মূল পথৰ কাষৰ বহু অংশ পানীয়ে বুৰাই পেলাইছে । জলস্তৰ এনেদৰে বৃদ্ধি পায় থাকিলে হোজাই নগাঁও পথ বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে ।
প্ৰেৰক কিশলয় ডি গোস্বামী