পলাতক শুভলক্ষ্মীৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পলাতক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে অসম আৰক্ষীয়ে৷ বনকৰা মহিলা অনিমা প্রজাক নির্যাতন চলাই পলাতক শুভলক্ষ্মীৰ বিৰুদ্ধে ২৭ আগষ্টত নাজিৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩২৪/৩৪২নং ধাৰাৰ অধীনত ৩৬/২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল৷ তাৰ পিছতে যোৱা ৩০ আগষ্টত অসম আৰক্ষীৰ মুখ্য কার্যালয়ে শুভলক্ষ্মী দত্তক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত উপস্থিত হোৱাৰ কঠোৰ নির্দেশনা দিছিল৷ কিন্তু ঘটনাটোৰ পাছৰে পৰা হঠাতে অন্তর্ধান হৈ পৰা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ যোৱা ৪ ছেপ্টেম্বৰত নাটকীয়ভাৱে সন্ধান ওলাইছিল ছয়মাইলৰ পার্লে ৰেচিডেন্সী নামৰ এপার্টমেণ্টত৷ থাওৰা সমষ্টিৰ প্রাক্তন বিধায়ক কুশল দুৱৰীৰ উক্ত এপার্টমেণ্টটোতে ঘটনাটোৰ পাছৰে পৰা আত্মগোপন কৰি আছিল শুভলক্ষ্মী দত্তই৷ যোৱা ৪ ছেপ্টেম্বৰত শিৱসাগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ যুটীয়া দলে ঘটনাটো সন্দর্ভত সোধ–পোছ চলোৱাৰ বাবে শুভলক্ষ্মী দত্তক বিচাৰি এপার্টমেণ্টটোত উপস্থিত হৈছিল৷ কিন্তু গোপন সূত্রৰ পৰা আগতীয়াকৈ পোৱা খবৰৰ পিছতে এপার্টমেণ্টটোৰ পৰা মনে মনে পলায়ন কৰিছিল শুভলক্ষ্মী দত্তই৷ তেতিয়াৰ পৰাই আজি চাৰি দিন ধৰি আৰক্ষীয়ে অভিযান চলায়ো সন্ধান উলিয়াব পৰা নাই শুভলক্ষ্মী দত্তৰ৷ বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙে আজি সদৰী কৰা মতে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে৷ যদিহে বিষয়া শুভলক্ষ্মী দত্তই আত্মসমর্পণ নকৰে, তেতিয়াহ’লে আদালতক অৱগত কৰি বিষয়াজনক পলাতক অপৰাধী হিচাপে ঘোষণা কৰিব অসম আৰক্ষীয়ে৷

Featured