নগাঁৱত ইটাচালি আৰক্ষীৰ অভিযানত চুৰি গাড়ীসহ গ্ৰেপ্তাৰ গভাইত চোৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ আৰক্ষীয়ে আজি অভিযান চলাই দুটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে নগাঁৱৰ পলিটেকনিক কলনিৰ সেন কেম্প্ৰাই নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা আজি পুৱতিনিশা চুৰি হৈছিল এখন ফ’ৰ্ড ফিগ’ বাহন সহ ব্যক্তিগৰকীৰ এটা কেমেৰা আৰু ম’বাইল ফোন চোৰে চুৰি কৰি নিয়ে৷ ইটাচালি আৰক্ষীয়ে এই চুৰি কাণ্ডৰ অভিযোগ পোৱাৰ পাছতেই ক্ষীপ্ৰ অভিযান চলাই নগাঁৱৰ হেৰাপট্টিৰ পৰা আলাল উদ্দিন নামৰ চোৰটোক চুৰিকাৰ্য সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পিছতে গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিলে চুৰি গাড়ী,ম’বাইল আৰু কেমেৰা৷ আনহাতে নগাঁৱৰ আমোলাপট্টিৰ পৰাও সুৰজ জামাল নামৰ এটা চোৰক এ চি চুৰি কৰি থকা অৱস্থাতেই হাতে-লোটে কৰায়ত্ত কৰে ইটাচালি আৰক্ষীয়ে৷ আৰক্ষীয়ে সুৰজ জামালৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত এখন ই-ৰিক্সাও জব্দ কৰিবলৈ সক্ষম হয় ৷

প্ৰেৰক কনক হাজৰিকা