উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত হোজাইৰ সুদীপ্তা দেৱনাথ আৰু শ্বাহীদ আহমেদ খন্দকাৰৰ স্থান লাভ

নিয়মীয়া বার্তা, ২৭ জুন: আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত হোজাইৰ দুই কৃতি ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত দুটা স্থান লাভ কৰে । ঘোষিত ফলাফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কলা শাখাত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হল হোজাইৰ এগৰাকী শিক্ষাৰ্থীয়ে। ছাত্ৰী গৰাকী হল হোজাইৰ শঙ্কৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰী সুদীপ্তা দেৱনাথ । তেওঁ উত্তৰ গোলাঘাটিয়া বস্তিৰ স্বপন দেৱনাথ আৰু ৰীনা দেৱনাথৰ কন্যা। ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা সুদীপ্তাই ইংৰাজী, অসমীয়া, ৰাজনৈতি বিজ্ঞান, অৰ্থনীতি লজিক আৰু স্বদেশ অধ্যয়নত লেটাৰ নম্বৰ সহ মুঠ ৪৮৩ নম্বৰ লাভ কৰে । ইফালে হোজাইত অধ্যয়ন কৰা মো:শ্বাহিদ আহমেদ খন্দকাৰে ষষ্ঠ স্থান লাভ কৰে । নাগালেণ্ডৰ বাসিন্দা খন্দকাৰে হোজাইৰ আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা পৰীক্ষা দিছিল । ছাত্ৰজনে হোজাইৰ আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল কলা, বাণিজ্য আৰু বিজ্ঞান কলেজত অধ্যয়ন কৰি চূড়ান্ত পৰীক্ষাত ষষ্ঠ স্হান লাভ কৰিবলৈ সক্ষম হয়। ইংৰাজী, ঐচ্ছিক ইংৰাজী, বুৰঞ্জী, ৰাজনৈতি বিজ্ঞান কম্পিউটাৰ আৰু লজিকত লেটাৰ নম্বৰ সহ সৰ্বমুঠ নম্বৰ ৪৭৮ লাভ কৰে। ছাকীব আহমেদ খাণ্ডকাৰ আৰু লতিফ খানাম খাণ্ডকাৰ ৰ সন্তান শ্বাহীদ আহমেদ খণ্ডকাৰে আইন বিষয়ত অধ্যয়ন কৰি এজন আইনজ্ঞ হোৱাৰ মন বুলি মন্তব্য কৰে ।
প্ৰেৰক : কিশলয় ডি গোস্বামী

Featured