অৰুণাচলৰ কাঠমিলৰ ছত্ৰছায়াত বৰহাট দিল্লী সংৰক্ষিত বনাঞ্চলত লুণ্ঠন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ যিসময়ত অসম চৰকাৰে সেউজী অসম গঢ়াৰ লক্ষ্যৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি গছ পুলি ৰোপণ কৰি আহিছে সেই সময়তে চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিভাগৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তত অৱস্থিত দিল্লী সংৰক্ষিত বনাঞ্চলৰ ভিতৰভাগ এতিয়া একেবাৰে নিশকতীয়া হৈ পৰিছে। বনাঞ্চলটোৰ ভিতৰত নাই এজোপাও প্ৰাপ্তবয়স্ক গছ। বনাঞ্চলটোত থকা হোলোং, মেকাই, চাম, চপা, বনবগৰী, লালি, বনলিচু, বনচোম আদি প্ৰাপ্তবয়স্ক তথা মূল্যবান গছসমুহ এতিয়া চোৰাং কাঠ সৰবৰাহকাৰীৰ কবলত পৰি এতিয়া প্ৰায় নিঃশেষ হৈছে। এতিয়া চোৰাং কাঠৰ সৰবৰাহকাৰী সকলে বনাঞ্চলত থকা অপৈণত গছসমুহ উধাই মুধাই কাটি অৰুণাচলৰ কাঠৰ মিলসমুহলৈ গোপনে সৰবৰাহ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ মতে অৰুণাচলৰ ৰাংলোৱাস্থিত চাটাং ফৰেষ্ট প্ৰডাক্ট নামৰ কাঠৰ মিলটোৰ ছত্ৰছায়াতে চোৰাং কাঠৰ সৰবৰাহকাৰীসকলে দিল্লী সংৰক্ষিত বনাঞ্চলৰ গছ কাটি কাঠৰ কুণ্ডাবিলাক মিলটোলৈ সৰবৰাহ কৰি আহিছে। উল্লেখযোগ্য যে প্ৰায় ৩১০৮ বৰ্গ হেক্টৰ দিল্লী সংৰক্ষিত বনাঞ্চলটো অৰুণাচলৰ একেবাৰে সীমাতে অৱস্থিত। এই বনাঞ্চলটোৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বতে আছে অৰুণাচলৰ চাটাং ফৰেষ্ট প্ৰডাক্ট নামৰ কাঠৰ মিল। যিটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে অবৈধ। তৎসত্ত্বেও অৰুণাচল চৰকাৰে কেনেদৰে বনাঞ্চলৰ ইমান কাষতে কাঠৰ মিল স্হাপনৰ অনুমতি প্ৰদান কৰিলে সেইটো লক্ষণীয় বিষয়। এই সন্দৰ্ভত অসম চৰকাৰৰ বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। ফলত অৰুণাচলৰ এই কাঠৰ মিল কেইটাই অসমৰ দিল্লী সংৰক্ষিত বনাঞ্চলটোকে প্ৰথমে লুণ্ঠন চলোৱাৰ পৰিকল্পনা কৰিলে আৰু ইতিমধ্যে বনাঞ্চলটো বছৰি লুন্ঠন চলাই বৰ্তমান বনাঞ্চলটো নিশকতীয়া কৰি তুলিলে। বনাঞ্চলটোৰ সমীপতে অৰুণাচলৰ দিশে চাটাঙৰ ওপৰিও আৰু দুটা কাঠৰ মিল ৰাংলোৱাত স্থাপনৰ অনুমতি দিলে অৰুণাচল চৰকাৰে। উল্লেখযোগ্য যে অসম চৰকাৰে এই কাঠৰ মিলকেইটা স্থাপন আইনগত বাধা সৃষ্টি নকৰাৰ ফলতেই আজি দিল্লী সংৰক্ষিত বনাঞ্চল নিশকতীয়া হবলৈ পালে বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে। একেদৰে পূৰ্বৰে পৰা বনাঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা সোপাঢিলা নীতিৰ মাজেৰে চলি আহিছে। এতিয়া প্ৰশ্ন হল দিল্লী সংৰক্ষিত বনাঞ্চলৰ দৰে চিৰসেউজ আৰু বহু মূল্যৱান বনজ সম্পদেৰে ভৰপূৰ বনাঞ্চলটোৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ বিষয়টোৱে চৰকাৰ খন আৰু ইয়াৰ সংশ্লিষ্ট বিভাগটোৱে কি দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিছে। যিটো সময়ত অসম চৰকাৰে বনাঞ্চলটোৰ লগতে ইয়াৰ ভূমি আৰু বনজ সম্পদৰ প্ৰতি উদাসীনতাৰ পৰিচয় দাঙি ধৰিছে সেই সময়ত অৰুণাচলে বনাঞ্চলটো ধ্বংস কৰি ইয়াৰ ভূ-গৰ্ভস্থ কয়লাকে ধৰি অন্যান্য সম্পদ সহ সমগ্ৰ ভূমি নিজৰ হাতলৈ নিয়াৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে। ইতিমধ্যে বনাঞ্চলটোৰ অৰুণাচলৰ দিশৰ পৰা অৰুণাচলীয়ে বনাঞ্চলৰ মাটি দখল কৰি চাহ বাগিছা স্থাপন কৰিছে। এই বাগিচাসমুহ বছৰি অৰুণাচলীসকলে সম্প্ৰসাৰণ কৰি আহিছে। যিটো অসমৰ বাবে শুভ লক্ষণ নহয় । অৰুণাচলে দিল্লী সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতে তিনিটাকৈ কাঠৰ মিল স্হাপনৰ অনুমতি প্ৰদান কৰাটো অসমৰ মাটিত অৰুণাচলীৰ আগ্ৰাসন নীতিৰ এটা অংশ বুলিয়ে বিবেচিত হৈছে। যাৰ ফলতে চাটাঙ ফৰেষ্ট প্ৰডাক্টৰ দৰে কাঠৰ মিল সমুহে দিল্লী সংৰক্ষিত বনাঞ্চলটো ধ্বংস কৰাত চোৰাং কাঠ সৰবৰাহকাৰী সকলক সকলো দিশৰ পৰা সহায় কৰি আহিছে। আনহাতে অৰুণাচললৈ বনাঞ্চলটোৰ কাঠ সৰবৰাহ হোৱা বিষয়টো পূৰ্বৰে পৰা অসম বন বিভাগৰ বিয়াগোম বিষয়া সকল অৱগত যদিও কোনো কালেই এই সৰবৰাহ বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। আনকি বনাঞ্চলটো একেবাৰে নিশকতীয়া হৈ পৰাৰ পাছতো বন বিভাগে বনাঞ্চলটোৰ নিৰাপত্তা দিশটো আজি কোপতি কটকতীয়া কৰি তুলিব পৰা নাই। এনেস্হলত বনাঞ্চলটো নিশ্চিহ্ন হোৱাৰ লগতে ৩১০৮ বৰ্গ হেক্টৰ ভূ -খণ্ডটো অৰুণাচলে নিজৰ বুলি দাবী কৰি এক নতুন সমস্যা সৃষ্টি কৰিব সেইটো ধুৰূপ। গতিকে বনাঞ্চলটো ধ্বংস কৰাত অৰিহণা যোগোৱা চাটাং ফৰেষ্ট প্ৰডাক্ট মিলৰ দৰে কাঠৰ মিলসমুহৰ বিৰুদ্ধে অসম চৰকাৰে এতিয়াই ব্যৱস্থা নললে ভৱিষ্যতে ফল ভুগিব লাগিব বুলি সচেতন মহলে চৰকাৰ আৰু বন বিভাগক আঙুলিয়াই দিছে।

প্ৰেৰক ৰাজীৱ কলিতা

Featured