ন-ৰূপত উদ্ভাসিত তেজপুৰৰ জোনাকী পুখুৰী উদঘাটন অশোক সিংহলৰ

বাৰ্তা ব্যুৰ’, ৭ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত অসম চৰকাৰৰ পুনৰুজ্জীৱন প্ৰকল্পৰ অধীনত প্ৰায় ৪৫ লাখ টকাৰে তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক জোনাকী পুখুৰী (থানা পুখুৰী) পুখুৰীটোক আধুনিক ৰূপত সজাই তোলাৰ পিছত কালি সন্ধিয়া তেজপুৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা উন্নয়ন আয়ুক্ত তথা তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ সভাপতি দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালা, পাৰিপাৰ্শ্বিক সমাজৰ উপসভাপতি, বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামী, সহকাৰী আয়ুক্ত তথা তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ সম্পাদক ৰথিচ বৰা, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া,পূৰ্ণেশ্বৰ নাথ, ৰবীন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডলী গোস্বামী, বিশিষ্ট উদ্যোগপতি মদন সিং, বিশিষ্ট সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী প্ৰদীপ ভট্টাচাৰ্য, তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ সদস্য আদিৰ উপস্থিতিত মন্ত্ৰী অশোক সিংহলে ফিটা কাটি, ফলক উদ্ঘাটন আৰু নাৰিকল ভঙাৰ পিছত ভাষণ প্ৰসংগত তেজপুৰৰ সামগ্ৰীক উন্নয়ন কৰিবলৈ তেওঁ সততে যত্নপৰ বুলি মন্তব্য কৰে। তেজপুৰ বাসীৰ প্ৰশংসা কৰি মন্ত্ৰী সিংহলে অন্য ঠাইৰ লোকতকৈ তেজপুৰ বাসীৰ আব্দাৰ যুক্তিপূৰ্ণ আৰু পৃথক বাবেই সেই আব্দাৰ সমূহ পূৰ্ণ কৰিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি কৈ অচিৰেই তেজপুৰত আজিও অভাৱ পৰিলক্ষিত হোৱা এটা অত্যাধুনিক চুইমিং পুল নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই। শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত তথা তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই পুনৰুজ্জীৱিতকৰণ আঁচনিৰ জৰিয়তে ইতিমধ্যে পৰিত্যক্ত পল্টন পুখুৰী সুন্দৰৰূপত সজাই তোলাৰ পিছত এই পুখুৰীটো ৰাইজৰ আকৰ্ষণীয়কৈ গঢ়ি তোলা হৈছে বুলি  মন্তব্য কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু পাৰিপাৰ্শ্বিক সমাজৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়েও ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে ডা০ লক্ষ্মী গোস্বামীৰ কালিৰ দিনটোত ৮৮ সংখ্যক ওপজা দিন উপলক্ষে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এটি উপহাৰ প্ৰদান কৰাৰ পিছত পাৰিপাৰ্শ্বিক সমাজৰ তৰফৰ পৰা এটি কেক কাটি  আনন্দ উল্লাস কৰি বিদূষী মহিলাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে সকলোৱে। পাৰিপাৰ্শ্বিক সমাজৰ কাৰ্যকৰী সদস্য, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অশোক সিংহলে কয়- ভাৰত নামটোৱে সংস্কৃতিৰ কথা কয়৷ পূৰ্ব-পুৰুষৰে সম্পৰ্কৰ কথা কয়৷ তেনেস্হলত আমাৰ ওপৰত দমন কৰা, গোলাম সজোৱা ব্ৰিটিছৰ INDIA নামটোকে কিয় আমি আকোঁৱালি লৈ থাকিম৷ ভাৰতে আমাৰ সংস্কৃতি-ঐতিহ্য বহন কৰে৷ প্ৰধানমন্ত্ৰীয়ে সেয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণৰ পোষকতা কৰিছে৷তেও লগতে পোনপ্ৰথম বাৰৰ বাৰে তেজপুৰ চহৰত ঘৰে ঘৰে  বিশুদ্ধ খোৱাপানীৰ বিশেষ আঁচনি পাইলট প্ৰজেক্ট হিচাপে পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ হব বুলি কৈ মন্ত্ৰী গৰাকীয়ে তেজপুৰৰ  জলাশয় সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলিও কয়৷ চকবজাৰৰ নিৰ্মাণ আৰু বৰপুখুৰীৰ কাম সোনকালে আৰম্ভ হব বুলিও মন্তব্য কৰে উল্লেখযোগ্য যে, ১৮৯৪ চনৰ ২০ ডিচেম্বৰত তেজপুৰ পৌৰসভা গঠন হোৱাৰ পিছত তেজপুৰৰ এই থানা পুখুৰীৰ লগতে আন তিনিটা পুখুৰীৰ সৈতে পৌৰসভাই নিৰ্মাণ কৰা পকী নাদ বা কুঁৱা কেইটাই অঞ্চলবাসীৰ খোৱা পানীৰ ঘাঁই উৎস আছিল। ১৯১৫ চনত তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ নগৰ অঞ্চলত অৱস্থিত থানা পুখুৰী আদি সংস্কাৰ সাধন কৰিছিল বুলি তেওঁৰ আত্মজীৱনী “মোৰ সোঁৱৰণি” ত ঠাই পাইছে। ১৮৩৬ খৃষ্টাব্দতে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা এই থানা পুখুৰী (জোনাকী পুখুৰী)টো কুৰি শতিকাৰ আগলিভাগলৈকে অঞ্চলবাসীৰ খোৱা পানীৰ উৎস সমূহৰ এক অন্যতম সমল আছিল আৰু সেয়েহে এই ঐতিহাসিক পুখুৰীটো আকৰ্ষণীয়কৈ পুনৰ গঢ়ি তোলাত স্বাভাৱিকতে সচেতন মহলে বিশেষকৈ ইতিহাস অনুসন্ধিৎসু সকলে প্ৰশংসা কৰিছে।
প্ৰেৰক পুলক কুমাৰ ডেকা
Featured