অসমত পুনৰ প্রতিষ্ঠা হ’ব বিজেপি চৰকাৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মন্তব্য– অসমত পুনৰ প্রতিষ্ঠা হ’ব বিজেপি চৰকাৰ৷ আজি মুখ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়–বিজেপিক অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি লৈছে৷ বিভিন্ন মুহূর্ত আহিল আৰু গ’ল৷ মই দেখিলোঁ যে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৰাইজে এইখন চৰকাৰক অত্যন্ত আস্থা আৰু বিশ্বাসেৰে ল’লে৷ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে কংগ্রেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপিয়ে চাৰে চাৰি বছৰত সম্পূর্ণ কৰিছে৷ চৌদিশে যি উন্নয়নৰ বাতাৱৰণৰ সৃষ্টি হ’ল, অসমৰ ৰাইজে ইয়াক ওচৰৰ পৰা প্রত্যক্ষ কৰিছে৷ গতিকে আজি অসমৰ সমবিকাশ হৈছে৷ প্রতিখন জিলা, প্রতিটো অঞ্চলক সমবিকাশৰ দৃষ্টিৰে চোৱা হৈছে৷ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিক আন্তৰিকতাৰে গ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শক বাস্তৱায়িত কৰাৰ চেষ্টা চলাইছে অসম চৰকাৰে৷ সেয়েহে পুনৰ ৰাজ্যত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷

আনহাতে, নির্বাচনৰ সূচীক লৈ আজি সন্তুষ্টি প্রকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ এক বিবৃতিত সভাপতিগৰাকীয়ে কয়– ক’ভিড প্রট’কলৰ মাজেৰে তিনিটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ যি সিদ্ধান্ত গ্রহণ কৰিছে, সেয়া সময় উপযোগী৷ অসমৰ ৰাইজে বিচৰা ধৰণে ২০২১ বর্ষৰ বিধানসভা নির্বাচন ৰঙালী বিহুৰ প্রাক্ক্ষণত অনুষ্ঠিত হোৱাৰ লগতে সমাপ্তি ঘটিব৷ ইয়াৰ বাবে অসমৰ ৰাইজ আনন্দিত৷ এ আই ইউ ডি এফেও নির্বাচনৰ দিন ঘোষণাক আদৰণি জনাইছে৷ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে এক বিবৃতিত উল্লেখ কৰে যে আয়োগে তিনিটা পর্যায়ত নির্বাচন ঘোষণা কৰাৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ৷ পৰীক্ষা, বিহু, ৰমজানৰ আগতেই নির্বাচন সম্পূর্ণ হ’লে ৰাইজৰ সুবিধা হ’ব৷ এ আই ইউ ডি এফ নির্বাচনৰ বাবে সম্পূর্ণ সাজু৷ নেচনেলিষ্ট কংগ্রেছ পার্টীয়েও (এন চি পি) অসমৰ নির্বাচনৰ দিন ঘোষণা কৰাক আদৰণি জনাইছে৷ দলৰ সাধাৰণ সম্পাদক হূদয়ানন্দ গগৈয়ে এক বিবৃতিযোগে উল্লেখ কৰে যে বিধানসভা নির্বাচনক লৈ এন চি পি সম্পূর্ণৰূপে সাজু৷ ইতিমধ্যে এন চি পিৰ টিকট বিচাৰি ৯৮গৰাকীয়ে আবেদন জনাইছে বুলি তেওঁ জানিবলৈ দিয়ে৷

Featured