অসমক পুনৰ অশান্ত অঞ্চল ঘোষণা ৰাজ্যপালৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ অসমত বলৱৎ হৈ থকা ‘সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮’ চমুকৈ ‘আফ্ছপা’ৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে৷ বিতর্কিত এই আইনখনৰ ৩নং ধাৰাৰ অধীনত সমগ্র ৰাজ্যখনকে ‘অশান্ত অঞ্চল’ ৰূপে ঘোষণা কৰিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ অহা ২৭ ফেব্রুৱাৰীৰ পৰা পৰৱর্তী ছয় মাহলৈ এই ঘোষণা বাহাল থাকিব৷ উল্লেখ্য যে ১৯৯০ চনৰ নৱেম্বৰ মাহত অসমত ‘আফ্ছপা’ বলৱৎ কৰা হৈছিল৷ তাৰ পাছৰে পৰা নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে৷ বিতর্কিত এই আইনখনে আগতীয়া কোনো জাননী অবিহনে যিকোনো স্থানতে অভিযান চলোৱাৰ লগতে যিকোনো লোককে গ্রেপ্তাৰৰ কর্তৃত্ব প্রদান কৰিছে নিৰাপত্তা বাহিনীক৷ শেহতীয়াকৈ বিগত বর্ষৰ ২৮ আগষ্টৰ পৰা কার্যকৰী হোৱাকৈ আইনখন বলৱতৰ ম্যাদ ৬ মাহলৈ বৃদ্ধি কৰা হৈছিল৷ সেই সময়সীমা উকলি যোৱাৰ পূর্বে ৰাজ্যপাল অধ্যাপক মুখীয়ে আজি উক্ত ঘোষণা কৰে৷