ছল্ট লেকত মহেশ্বৰ নেওগৰ জন্ম দিৱস উপলক্ষে সোঁৱৰণী সভা

🔹 অসম সাহিত্য সভা, কলকাতা শাখাৰ উদ্যোগ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : অসম সাহিত্য সভাৰ অন্যতম সভাপতি, কবি, সাহিত্যিক, ভাষাবিদ, গৱেষক, প্ৰাচ্যতত্ত্ববিদ, “অসমীয়া সাহিত্যৰ ৰূপৰেখা”ৰ প্ৰণেতা পদ্মশ্ৰী ড০ মহেশ্বৰ নেওগৰ ১০৯সংখ্যক জন্ম দিৱস উপলক্ষে অসম সাহিত্য সভা, কলকাতা শাখাৰ উদ্যোগত অসম ভৱন ছল্ট লেকত এখন সোঁৱৰণী সভাৰ আয়োজন কৰা হয়। উক্ত সভাৰ আৰম্ভণি হয় সাহিত্য সভাৰ সংগীত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে। পবিত্ৰ গণেশ বন্দনাৰ ধ্বনিত সাহিত্যৰ সাধকজনৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে শাখাৰ সভাপতি জীৱন ৰয়ে । প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে তেওঁৰ দুহিতা নৱমালতী নেওগ চক্ৰৱৰ্তীয়ে । সভাৰ আৰম্ভণিৰ পিছতেই কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ সম্পাদক ইন্দুকল্প শইকীয়াই নিজেই খোলবাদন কৰি তেওঁৰ সুললিত কন্ঠেৰে এটি বৰগীত পৰিৱেশন কৰে। সম্পাদিকা মনীষা বৰঠাকুৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসম সাহিত্য সভা, কলকাতা শাখাৰ প্ৰথম অনুষ্ঠান হিচাপে অসমীয়া ভাষা সাহিত্যৰ সৰ্বাধিনায়কজনাৰ জন্ম দিৱস উদযাপন এক গৌৰৱৰ বিষয় । এই সভাত বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰা হৈছিল কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন প্ৰবক্তা ঝৰ্ণা সান্যালক । শ্বিলঙত জন্মগ্ৰহণ কৰা ড০ সান্যালে তেওঁৰ জীৱনৰ দীঘ আৰু বাণিৰ ওপৰত আলোকপাত কৰে। সভাত নিৰ্দিষ্ট বক্তা আছিল নেওগৰ কনিষ্ঠ কন্যা নৱমালতী নেওগ চক্ৰৱৰ্তী। ভাষণ প্ৰসংগত চক্ৰৱৰ্তীয়ে সাহিত্যৰ মহীৰূহগৰাকীয়ে শংকৰদেৱৰ ওপৰত কৰা গৱেষণাই কিদৰে শংকৰদেৱক বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰকাশ কৰাৰ লগতে তেওঁ সত্ৰীয়া নৃত্য সংস্কৃতিক অসমৰ পৰা ভাৰতবৰ্ষলৈ আগবঢ়াই নিছিল বুলি মন্তব্য কৰে। অসম সাহিত্য সভা ,কলকাতাৰ সদস্য, জাতীয় গ্ৰন্থালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰ কৰুণা কান্ত ডেকাই সাহিত্যৰ সাধকজনৰ প্ৰতিটো লেখাই তথ্যভিত্তিক বুলি মন্তব্য কৰি তেওঁৰ অসমীয়া সাহিত্যৰ ৰূপৰেখাৰ ওপৰত আলোকপাত কৰে তথা গুৱাহাটী বিশ্ববিদ্যালয় স্হাপনৰ সময়ত তেওঁৰ অৰিহণাৰ কথা বিস্তাৰিতভাৱে উল্লেখ কৰে। ড০ নেওগে লিখা কবিতাসমূহৰ দুটা কবিতা আবৃত্তি কৰে শাখাৰ সহ: সম্পাদিকা কস্তুৰী শৰ্মা গোস্বামীয়ে আৰু সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে। বিশিষ্ট কণ্ঠশিল্পী  মিতালী শইকিয়াই তেওঁৰ মনোমোহা কন্ঠেৰে লোকগীত পৰিৱেশন কৰে। সভাৰ শেষত সভাপতি জীৱন ৰয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ আঁত ধৰে শাখাৰ উপ-সভাপতি বিশিষ্ট লেখিকা ৰঞ্জিতা বিশ্বাসে। বিশিষ্ট লেখক চৈয়দ হাসমত জালাল, অনামিতা সেন আদিৰ উপস্থিতিয়ে অনুষ্ঠানটোক গাম্ভীৰ্যতা প্ৰদান কৰে।

Featured