অসম বিজেপিৰ নতুন মুখপাত্ৰৰ নাম-তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টীয়ে আজি ঘোষণা কৰিলে দলৰ মুখপাত্ৰৰ নাম। সভাপতি ৰঞ্জিত দাসে দলৰ জ্যেষ্ঠ কৰ্ম-কৰ্তাসকলক লৈ প্ৰস্তুত কৰা দলৰ তালিকাত অসমৰ বিভিন্ন ঠাইৰ পৰা মুখপাত্ৰ নিযুক্ত কৰিছে।

গুৱাহাটীৰ সাংসদ কুইন ওজা, প্ৰমোদ স্বামী আৰু জানকী খাউণ্ড, কৰিমগঞ্জৰ বিশ্বৰূপ ভট্টাচাৰ্য, ধেমাজীৰ অশ্বিনী পাইট, হোজাইৰ ৰামকৃষ্ণ ঘোষ, বজালীৰ মনোজ বৰুৱা আৰু ফণী পাঠক, তিনিচুকীয়াৰ লক্ষ্য কোঁৱৰ আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, ডিব্ৰুগড়ৰ সুভাষ দত্ত, দক্ষিণ গুৱাহাটীৰ হেমাংগ ঠাকুৰীয়া আৰু যোৰহাটৰ সুৰঞ্জন দত্তক দলটোৰ মুখপাত্ৰ নিৰ্বাচন কৰা হৈছে। দলৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে আজি প্ৰেছ বিবৃতিযোগে সদৰী কৰে এই কথা।