বিধানসভাত আজি বাজেট দাখিল কৰিব অজন্তা নেওগে

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনত আজি ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্রী অজন্তা নেওগে৷

উল্লেখ্য যে অসম বিধানসভাত প্রথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্রীয়ে বাজেট দাখিল কৰিব৷ সদ্যসমাপ্ত নির্বাচনৰ বাবে যোৱা ফেব্রুৱাৰী মাহত অন্তর্ৱর্তীকালীন বাজেট দাখিল কৰা হৈছিল৷ কাইলৈ অজন্তা নেওগে চলিত বর্ষৰ বাবে পূর্ণাংগ বাজেটখন দাখিল কৰিব৷

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি, ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিৱেশৰ মাজতে বিত্তমন্ত্রী নেওগে দাখিল কৰিব লগা এই বাজেটক লৈ কাইলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব৷ এই বাজেটত মুখ্যমন্ত্রীয়ে উল্লেখ কৰা ধৰণে নিয়োগ সৃষ্টিৰ বিভিন্ন আঁচনিৰ লগতে দুখীয়া লোকসকলৰ বাবেও কেইবাটাও আঁচনি সংযোগ কৰাৰ সম্ভাৱনা আছে৷

আজি বিয়লি তিনি বজাত সদনত বাজেট দাখিল কৰা হ’ব বুলি জানিব পৰা গৈছে৷

Featured