অসমত সলনি হৈছে ক’ভিডৰ কেৰেক্টাৰ, বৃদ্ধি পাইছে জটিল ৰোগী

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  অসমত এতিয়া সলনি হৈছে ক’ভিড ৰোগৰ চৰিত্র৷ বর্তমান বৃদ্ধি পাইছে জটলি ৰোগীৰ সংখ্যা৷– এই উদ্বেগজনক তথ্য সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয়– ‘যোৱা জুলাই মাহৰ শেষত মহেন্দ্রমোহন চৌধুৰী হাস্পতালত আইচিইউ বেডত মাত্র দুজন ৰোগী আছিল৷ এতিয়া হাস্পতালখনত আইচিইউ কক্ষত এখনো বিছনা খালী নাই৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিইউ কক্ষৰ বিছনাবোৰ সঘনে ভর্তি হৈ থাকে৷ এতিয়া বহু ক’ভিড ৰোগীক আইচিইউ আৰু অক্সিজেনৰ প্রয়োজন হৈছে৷’ ড০ শর্মাই লগতে কয় যে প্রথমতে ক’ভিড ৰোগীক ক’ত ৰখা হ’ব তাকে লৈ যথেষ্ট প্রত্যাহ্বান আছিল৷ প্রথমতে ক’ভিড ৰোগীক ১০টা দিন যেনে–তেনে ৰাখিব পাৰিলেই একপ্রকাৰ কাম উজু হৈ গৈছিল৷ এতিয়া ক’ভিড ৰোগীসকলৰ শাৰীৰিক অৱস্থাও জটিল হৈ গৈ আছে৷ বর্তমান জটিল ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো যথেষ্ট উদ্বেগজনক৷ অক্সিজেন দিবলগীয়া ৰোগীৰ সংখ্যা বাঢ়িছে৷ সেই হিচাপে অক্সিজেন দিব পৰা পর্যাপ্ত বিছনাৰ অভাৱ৷ সেই কাৰণে ইয়াৰ বিকল্প চিন্তা কৰিব লগা হৈছে৷ ‘আমি জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মহানগৰীৰ কালাপাহাৰ হাস্পতালত থকা আৰু জালুকবাৰীত আয়ুর্বেদিক হাস্পতালত থকা ক’ভিড কেয়াৰ চেণ্টাৰ দুটা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ৷ অহা ১০ দিনৰ ভিতৰত এই হাস্পতাল দুখনত আইচিইউ আৰু অক্সিজেনৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ৷ কাৰণ আমাক গুৱাহাটীত আইচিইউ আৰু অক্সিজেন থকা হাস্পতালতৰ অতি প্রয়োজন হৈছে৷ এই দুখন হাস্পতালৰ পিছতে আমি আন মেডিকেল কলেজতো ক’ভিড ৰোগীক আইচিইউ আৰু অক্সিজেন দিব পৰা ব্যৱস্থা গঢ়ি তুলিম৷’–এইদৰে কয় ড০ হিমন্ত বিশ্ব শর্মাই৷