বিহুত ঘৰলৈ অহা নহ’ল বাবলু ৰাভাৰ, মাওবাদীৰে সংঘৰ্ষত শ্বহীদ অসমৰ জোৱান

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মাওবাদীৰ বিৰুদ্ধে অভিযানকাৰী নিৰাপত্তা বাহিনীৰ দল এটাৰ ওপৰত কালি নিষিদ্ধ মাওবাদীয়ে ভয়াৱহ আক্রমণ চলোৱাৰ পিছত শ্বহীদ জোৱানৰ সংখ্যা ২২গৰাকীলৈ বৃদ্ধি হৈছে।

কালি ৬ গৰাকী জোৱান শ্বহীদ হৈছিল যদিও আজি আহত কেইবাগৰাকী জোৱানে শেষনিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে। আনহাতে এই সংঘৰ্ষত শ্বহীদ হোৱা জোৱানৰ ভিতৰত আছে অসমৰো এগৰাকী জোৱান। এই জোৱানগৰাকী হৈছে দুধনৈৰ দামৰাৰ বাবলু ৰাভা।

বাবলু ৰাভা চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ জোৱান আছিল। যোৱা নৱেম্বৰত শেষবাৰৰ বাবে ঘৰলৈ অহা বাবলু ৰাভাই বিহুত পুনৰ ঘৰলৈ অহাৰ কথা আছিল যদিও ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ তাৰেম অঞ্চলত মাওবাদীৰে হোৱা সংঘৰ্ষত বীৰগতি লাভ কৰে।

বীৰ জোৱানগৰাকীয়ে এটি কন্যা শিশু আৰু পত্নীৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে।