অপৰাধীৰ ৰাজ্যত পৰিণত অসম

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সন্ত্রাসৰ ওৰ পৰা অসমত এতিয়া ভৰি পৰিছে চুৰি–ডকাইতি, নাৰীজনিত অপৰাধৰ ঘটনা৷ আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰি অহা বিভিন্ন পদক্ষেপৰ পাছতো গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত হ্রাস পোৱা নাই নাৰীজনিত অপৰাধ আৰু ধর্ষণৰ ঘটনা৷ পৰিতাপৰ বিষয় যে ২০১৬ চনৰ পৰা চলিত বর্ষৰ ৩০ আগষ্টলৈ ৰাজ্যখনত সর্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷ সমান্তৰালভাৱে সংঘটিত হৈছে ধর্ষণ আৰু চুৰিকাণ্ড৷ বিধানসভাত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক তৰাবিহীন প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাখিল কৰা তথ্য অনুসৰি ২০১৬ চনৰ পৰা চলিত বর্ষৰ আগষ্ট মাহলৈকে ১৩,২১০টা ধর্ষণ কাণ্ড সংঘটিত হৈছে৷ আনহাতে, ১,৭৩,২১০টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷ সেয়াই নহয়, হত্যা, ডকাইতি, লুণ্ঠন, যৌতুকৰ ঘটনা আৰু ডাইনী হত্যাৰ ঘটনাও অধিক সংঘটিত হৈছে৷ বিধানসভাত দাখিল কৰা গৃহ বিভাগৰ তথ্য মতে ২০১৬ চনৰ পৰা চলিত বর্ষৰ ২৩ আগষ্টলৈ মহিলাক ধর্ষণৰ ঘটনা ১৩,২১০টা, নাৰীজনিত অপৰাধ ১,৭৩,২১০টা, নাৰী অপহৰণৰ ঘটনা ৪০,১০৮টা, হত্যাৰ ঘটনা ৮,৮৪২টা, চুৰিৰ ঘটনা ১,০৮,৩৩৬টা, ডকাইতিৰ ঘটনা ১,১৮৮টা, লুণ্ঠনৰ ঘটনা ৯,৮৯৯টা, আত্মহত্যাৰ ঘটনা ২০,২১৫টা, যৌতুকজনিত ঘটনা ৭২,১৪৮টা, পৰপ্রেমজনিত ঘটনা ১৮৬টা আৰু ডাইনী হত্যাৰ ঘটনা ৭৬টা সংঘটিত হৈছে৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত ৭৫২গৰাকী মহিলাক দুষ্টচক্রই প্রলোভনেৰে বহিঃৰাজ্যলৈ লৈ গৈছিল৷ ইয়াৰে এতিয়ালৈকে মুঠ ৭০০গৰাকী যুৱতী আৰু মহিলাক উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ লগত জড়িত ৭২৬জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ পৰিতাপৰ বিষয় যে অপৰাধজনিত ঘটনা সর্বাধিক সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷ গুৱাহাটীত চুৰিকাণ্ডই একপ্রকাৰ অভিলেখ গঢ়িছে৷ ২০১৬ চনৰ পৰা চলিত বর্ষৰ আগষ্ট মাহলৈকে গুৱাহাটীত ২৮,১৭৭টা চুৰিকার্য সংঘটিত হৈছে৷ একেদৰে লুণ্ঠনৰ ঘটনা ৩,৫০৯টা, আত্মহত্যাৰ ঘটনা ২,৬৯৩টা, নাৰীজনিত অপৰাধৰ ঘটনা ৮,৯৯৩টা, মহিলা ধর্ষণৰ ঘটনা ৪৭৩টা সংঘটিত হৈছে৷

Featured