ৰাজনীতিৰ পথাৰ এৰি খেতিপথাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা

🎯পাৱাৰটিলাৰেৰে হাল বাই আনন্দত আত্মহাৰা কৃষিমন্ত্ৰী

🎯জন্মস্থান গোলাঘাটৰ বৰাহী গাঁৱৰ পথাৰত খেতিয়কৰ ৰূপত কৃষিমন্ত্ৰী

বিশেষ বাৰ্তা, ২ জুনঃ ৰাজনীতিৰ পথাৰত নহয় এইবাৰ খেতিপথাৰত নামিল কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা। আজি নিজ জন্মস্থান গোলাঘাটৰ বৰাহীগাঁৱৰ পথাৰত পাৱাৰটিলাৰেৰে হাল বাই খেতিয়কৰ ৰূপ ল’লে অতুল বৰাই। জেঠ মাহত সপোনৰ সোণগুটি সিঁচাত ব্যস্ত হৈ পৰিছে কৃষকসকল। নিজৰ খেতিপথাৰত পাৱাৰটিলাৰ চলাই হাল বাইছে মন্ত্ৰী বৰাই। কঢ়ালে উৰ্বৰ পথাৰ। আঘোণৰ পথাৰে সফলতাৰ সোণালী হাঁহি মাৰিব বুলি আশা মন্ত্ৰীগৰাকীৰ। সৰুৰে পৰা গাঁৱলীয়া পৰিৱেশত ডাঙৰ-দীঘল হোৱা মন্ত্ৰীগৰাকীয়ে সময় পালেই ব্যস্ত হৈ পৰে কৃষিকৰ্মত। নিজ পৈতৃক মাটিত খেতি কৰাৰ লগতে আনকো কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা যোগাই আহিছে মন্ত্ৰীগৰাকীয়ে। কৃষিপথাৰৰ পৰাই অমসবাসীলৈ মন্ত্ৰীগৰাকীয়ে কৃষি কৰ্মৰ প্ৰতি মনোনিবেশ কৰিবলৈ আহ্বান জনায়। এই কৃষি কৰ্মৰ জৰিয়তে অসমখন এক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে আগুৱাই যাবলৈ সক্ষম হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অতুল বৰাই। গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা পথাৰ সোণোৱালী হ’লেহে ৰাজ্য চহকী হ’ব বুলি কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী বৰাই। সম্প্ৰতি ৰাজনৈতিক ক্ষেত্ৰখনত অনন্য ৰূপ মন্ত্ৰীগৰাকীৰ। নিৰ্বাচন আহিব আৰু যাব, কিন্তু কৃষকে খেতি কৰিবই লাগিব, নহ’লে গত্যন্ত নাই। সেয়ে সমূহ কৃষকক অতি আন্তৰিকতাৰে খেতিপথাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে খোদ কৃষিমন্ত্ৰীগৰাকীয়ে খেতি পথাৰত নামি হাল বাই খেতি কৰাক লৈ যথেষ্ট উৎসাহিত হৈ পৰিছে ৰাজ্যৰ কৃষক ৰাইজ। নানা সমস্যাৰে ভাৰাক্ৰান্ত কৃষকসকলে কৃষিমন্ত্ৰীগৰাকীৰ জৰিয়তে কৃষকৰ সমস্যা দূৰ কৰাতো গুৰুত্ব আৰোপ কৰাৰ কৰিছে আহ্বান। কৃষিমন্ত্ৰী অতুল বৰাই খেতি কৰা খবৰে বেছ চৰ্চা লাভ কৰিছে ৰাজ্যৰ জনতাৰ মাজত।

প্ৰেৰক দিগন্ত কুমাৰ বৰা

Featured