আৰক্ষীৰ ছত্রছায়াতে বেলতলাত চলিছে কয়লা ছিণ্ডিকেট

কয়লা মাফিয়া ছনু–কুলদীপক সুৰক্ষা দিছে কোনে

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ আৰক্ষীৰ প্রত্যক্ষ পৃষ্ঠপোষকতাতে অব্যাহত আছে বেলতলাৰ অবৈধ কয়লা ছিণ্ডিকেট৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ব্যস্ততাৰ সুবিধাত বিহাৰী কয়লা মাফিয়া ছনু ওৰফে অনিল কাশ্যপে বেলতলাত আৰম্ভ কৰা অবৈধ কয়লা ছিণ্ডিকেট আৰক্ষীৰ পৃষ্ঠপোষকতাৰ বাবেই ৰমৰমীয়া হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ সেই বাবেই এতিয়া দুই অনা–সমীয়া কয়লা ছিণ্ডিকেট মাফিয়া ছনু আৰু কুলদীপ সিঙে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলি প্রশ্ণ উত্থাপন হৈছে৷ উল্লেখ্য যে এই দুজন বিহাৰী কয়লা মাফিয়াৰ ছত্রছায়াতেই মেঘালয়ৰ পৰা এশৰ পৰা ডেৰশখন অবৈধ কয়লাভর্তি ট্রাক প্রতিনিশা বেলতলাত প্রৱেশ কৰি আছে৷ ইয়াৰ বাবদ অসম এন্ট্ৰী টেক্স হিচাপে প্রতিখন কয়লা ট্রাকে ছিণ্ডিকেট চক্রক আদায় দিব লাগে ২৫ হাজাৰ টকাকৈ গুণ্ডাকৰ৷ অভিযোগ অনুসৰি এই এণ্ড্রী টেক্স আদায় নিদিয়া কয়লা ট্রাকৰ চাবি বশিষ্ঠ আৰক্ষীয়ে কাঢ়ি নিয়া ঘটনাই এই অবৈধ ছিণ্ডিকেটৰ আঁৰত বশিষ্ঠ আৰক্ষীৰ প্রত্যক্ষ পৃষ্ঠপোষকতা থকাটো স্পষ্ট হৈ পৰিছে৷ বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াজনৰ বিৰুদ্ধে অবৈধ কয়লা ছিণ্ডিকেটত পূর্ণ সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই ভাৰপ্রাপ্ত বিষয়াজন আকৌ মুখ্যমন্ত্রী কার্যালয়ৰ এজন বিতর্কিত বিষয়াৰ আশিসধন্য বুলি পৰিচিত৷ এই বিতর্কিত বিষয়াজনৰ আশীর্বাদতে বশিষ্ঠ থানাৰ আৰক্ষী বিষয়াজন বলীয়ান হৈ উঠা বুলিও অভিযোগ উঠিছে৷

উল্লেখ্য যে ছনু আৰু কুলদীপ সিঙৰ অবৈধ কয়লা ছিণ্ডিকেটৰ আঁৰত গুৱাহাটীৰ এজন অনা–সমীয়া ব্যৱসায়ী থকা বুলি ইতিমধ্যেই প্রকাশ পাইছে৷ মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত বিষয়াজন আৰু অনা–অসমীয়া ব্যৱসায়ীজনৰ পৰোক্ষ নেতৃত্বতে বেলতলাত অবৈধ কয়লা ছিণ্ডিকেট গঢ়ি উঠাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি এই ব্যৱসায়ীজনৰ দেহৰক্ষী ৰূপে থকা ব্যক্তিগত বাউন্সাৰ কৃষ্ণ আৰু বিজুৱে নিশা বেলতলাত কয়লা ট্রাকৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ এই সংগৃহীত ধন দুয়োজনে ছনু আৰু কুলদীপৰ জৰিয়তে ছিণ্ডিকেটৰ মূল কাণ্ডাৰীলৈ প্রেৰণ কৰা বুলি প্রকাশ৷ এই সমগ্র প্রক্রিয়াটো বেলতলাৰ শীর্ষ আৰক্ষী বিষয়াৰ নিৰীক্ষণতে প্রতিনিশাই সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ চকুৰ আগতেই ছিণ্ডিকেট চক্রৰ দালালৰূপী বাউন্সাৰ কৃষ্ণ আৰু বিজুৱে গুণ্ডাকৰ সংগ্রহ কৰি থকাৰ পাছতো আৰক্ষী বিষয়াই নির্বিকাৰ ভূমিকা গ্রহণ কৰি অহাটোৱেই এই ছিণ্ডিকেট চক্র কাৰ ছত্রছায়াত গঢ়ি উঠিছে, সেয়া জলজল–পটপটকৈ ওলাই পৰিছে৷ ইতিমধ্যে বেলতলাৰ কয়লা ব্যৱসায়ীসকলৰ মাজত ছিণ্ডিকেট চক্রক প্রতিখন ট্রাকৰ বাবদ ২৫ হাজাৰ টকাকৈ আদায় দিয়াটো নিয়মত পৰিণত হৈছে বুলি জানিব পৰা গৈছে৷ বিহাৰী মাফিয়াৰ নেতৃত্বত চলা এই ছিণ্ডিকেটৰ আঁৰত আৰক্ষীৰ শীর্ষ চক্র আৰু মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত বিষয়া জড়িত হৈ থকা বিষয়টোৱে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷