অসম আৰক্ষী ক্ৰীড়া উৎসৱ-২০২৪ৰ সফল সামৰণি

👉২২নং এপিবিএন শ্ৰেষ্ঠ দল
⚽ফুটবলত চেম্পিয়ন নৱম এপিবিএন
👉শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ অমৰ জ্যোতি খাউণ্ড
👉শ্ৰেষ্ঠ মহিলা খেলুৱৈ সংগীতা বৰদলৈ
👉অসম আৰক্ষীৰ থীম ছং আৰু মাৰ্চিং গীত মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি অসম আৰক্ষী ক্ৰীড়া উৎসৱ-২০২৪ৰ সফল সামৰণি পৰে। উক্ত ক্ৰীড়া উৎসৱত ২২নং এপিবিএনে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ এথলেটিক দলৰ খিতাপ দখল কৰে। ফুটবলত নৱম এপিবিএনে বিজয়ী হয়। ভলীবলত ২৬নং এ.পি.বেটেলিয়নে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা ২৮নং এ পি বি এনৰ অমৰ জ্যোতি খাউণ্ডে লাভ কৰাৰ বিপৰীতে ৩য় এ পি বি এনৰ সংগীতা বৰদলৈয়ে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰে। ইয়াৰ উপৰি ষষ্ঠ কমাণ্ডো বেটেলিয়নে মাৰ্চিয়েল আৰ্টত দক্ষতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰে। একেটা অনুষ্ঠানত অসম আৰক্ষীৰ থীম ছং আৰু মাৰ্চিং সুৰৰ কণ্ঠ মুখ্য অতিথিৰ দ্বাৰা উদ্বোধন কৰা হয়। অসম আৰক্ষীৰ থীম ছঙৰ গীতৰ কথা আৰক্ষী উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তৰ আৰু ৰচনা জুবলী বৰুৱাৰ। দীপকেশ বৰগোহাঁয়ে গানটোৰ প্ৰগ্ৰেমিং কৰাৰ বিপৰীতে ডনী হাজৰিকাই মিক্সিং আৰু মাষ্টাৰিং পৰিচালনা কৰিছিল। গীতটিত জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, অভিশ্ৰুতি বেজবৰুৱা আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰাৰ লগতে ৰূপপেখা দাস, স্বৰাজ দাস আৰু মানস বড়োৱে পাৰ্শ্ব কণ্ঠ সংগত কৰিছে। খোল, তাল আৰু পাৰ্কাচনৰ নেতৃত্বত আছিল ৰাজা বৰুৱা, গীটাৰ সংগত ৰিছিমণি দাসৰ। আনহাতে অসম পুলিচৰ মাৰ্চিং টিউনৰ গীতৰ কথা পাৰ্থসাৰথি মহন্তৰ। ৰচনা জুবলী বৰুৱাৰ। দীপকেশ বৰগোহাঁইৰ প্ৰগ্ৰেমিং, ডনী হাজৰিকাৰ মিক্সিং-মাষ্টাৰিং। কণ্ঠ জুবলী বৰুৱা, মানস বড়ো, ৰূপপেখা দাস আৰু স্বৰাজ দাসৰ। ৰাজা বৰুৱাৰ পাৰ্কাচন আ গীটাৰ সংগত ৰিছিমণি দাসৰ। অসম আৰক্ষীৰ থীম ছং আৰু অসম আৰক্ষীৰ মাৰ্চিং টিউন দুয়োটাৰে সৃষ্টিৰ লগত জড়িত সকলো শিল্পীলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁলোকৰ অৱদানে অসম আৰক্ষী বাহিনীৰ সাংস্কৃতিক পৰিৱেশ সমৃদ্ধ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছে। তেওঁ অসম আৰক্ষী বাহিনীৰ ভিতৰত ক্ৰীড়া আৰু ঐক্যৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে এনে ক্ৰীড়া অনুষ্ঠান আয়োজন কৰাৰ প্ৰতি সহমত প্ৰকাশ কৰে। এই উপলক্ষে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আদৰণী ভাষণ প্ৰদান কৰে আৰু আইজিপি অখিলেশ সিঙে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সামৰণী অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান জি. পি. সিঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়াৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া, অংশগ্ৰহণকাৰী খেলুৱৈ, প্ৰশিক্ষাৰ্থী আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে।

Featured