মৰিগাঁৱৰ কুশতলিত অসম প্ৰগতি ফাউণ্ডেচনৰ সজাগতা সভা

নিয়মীয়া বাৰ্তা ভূৰাগাঁও ২৯ এপ্ৰিল : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত স্বেচ্ছাসেৱী সংগঠন অসম প্ৰগতি ফাউণ্ডেচনৰ এখন বিশাল সজাগতা সভা আজি অনুষ্ঠিত হৈ যায়।কুশতলি আঞ্চলিক ৰাস মন্দিৰ প্ৰাংগণত সহস্ৰাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সজাগতা সভাখন। উল্লেখ্য যে সমাজৰ পৰা কুসংস্কাৰ দূৰীকৰণ,নাৰী সবলীকৰণ,দুৰ্গত অঞ্চলত সুলভ মূল্যৰ সামগ্ৰী যোগানৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন আদিৰ লক্ষ্যৰে স্থাপন হোৱা অসম প্ৰগতি ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ আজিৰ সজাগতা সভাখনত উপস্থিত থাকে ফাউণ্ডেচনৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ নোমল চন্দ্ৰ বৰা,ৰুমী হাজৰিকা, উপাধ্যক্ষ আব্দুল হক, কুশতলি আৰু লাউভূৰুঙ্গা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দ্বয় ক্ৰমে ৰাজেন চন্দ্ৰ সেনাপতি, ৰাজু পাতৰসহ স্বেচ্ছাসেৱী সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া। সভাখনত আমন্ত্ৰিত অতিথিৰূপে কুশতলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজেন চন্দ্ৰ সেনাপতিৰ লগতে আন কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে। আনহাতে ফাউণ্ডেচন ৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ব’ৰ্ড অৱ ডাইৰেক্টৰ ক্ৰমে নোমল চন্দ্ৰ বৰা আৰু ৰুমী হাজৰিকাই।

প্ৰেৰক আবুল কালাম

Featured