সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন অসম সাহিত্য সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ছেপ্টেম্বৰঃ যোৱা ৩১ আগষ্টত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ত অনুষ্ঠিত সভাৰ কৰ্ণধাৰ সমিতিত বৈঠকত অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ আলোচনা সভাত অসমত বৰ্তমান সময়ত অব্যাহত থকা অসুস্থ বাতাৱৰণত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰি অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আবেগিক সিদ্ধান্ত নলৈ বিবেকক প্ৰাধান্য দিবলৈ আহ্বান জনায় ৷ অসম সাহিত্য সভাই অপৰাধীক জাতি, গোষ্ঠী কিম্বা ধৰ্মৰ ভিত্তিত ভাগ নকৰি কেৱল অপৰাধী ৰূপে চিনাক্ত কৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে ৷ অসমক ক্ষেত্ৰীয় ৰূপেৰে ভাগ নকৰি এক বৰ অসম স্থিতিত থাকিবলৈ সকলোকে আহ্বান জনায়৷ অসমীয়া জনসাধাৰণৰ স্থায়ী সুৰক্ষা আৰু অসমত সুষ্ঠ বাতাবৰণ বৰ্তাই ৰখাৰ বাবে অসম সাহিত্য সভাই কেইটামান বিষয়ত গুৰুত্ব প্ৰদান কৰি কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ঠ সকলো পক্ষকে আহ্বান জনায়৷ সেই মৰ্মে অসম চুক্তিৰ ৫ নম্বৰ আৰু ৬ নম্বৰ দফা ক্ষীপ্ৰতাৰে কাৰ্য্যকৰণ কৰা, অসমত স্থগিত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণৰ কাম পুণৰ আৰম্ভ কৰি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা তথা অসমত “অসম ৰাজ্য ভাষা আইন ১৯৬০” সকলো স্তৰতে যথাৰ্থভাৱে কাৰ্য্যকৰিকৰণৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগলৈ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিযোগে আহ্বান জনাই অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে৷ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুস্থিত কৰ্ণধাৰ সমিতিৰ বৈঠকখনত উপ-সভাপতি ডা° গীৰিশ সন্দিকৈ, প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, কোষাধ্যক্ষ মিহিৰ বৰুৱা, বসন্ত কুমাৰ গোস্বামী, দয়ানন্দ পাঠক, গোবিন্দ কলিতা, প্ৰফুল্ল বৰ্মনৰ লগতে বিশেষভাৱে আমন্ত্ৰিত অজিত প্ৰসাদ শৰ্মা, ডা° বিপিন চন্দ্ৰ কলিতা, গৌতমানন্দ গোস্বামী, সৎৰাম ডেকা আৰু ৰজনীকান্ত ডেকা উপস্থিত থাকে ৷

Featured