অসমত তিনি পর্যায়ত হ’ব বিধানসভাৰ ভোট

ক’ৰোনাৰ পৰিপ্রেক্ষিতত নির্বাচন আয়োগৰ সতর্কতা

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ প্রথমবাৰৰ বাবে অসমত তিনিটা পর্যায়ত ভোটগ্রহণ কৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ দেশৰ নির্বাচন আয়োগৰ এক সূত্রই এই কথা জনাইছে৷ ক’ৰোনা সংক্রমণৰ প্রতি লক্ষ্য ৰাখি নির্বাচন আয়োগে প্রাৰম্ভিকভাৱে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ উল্লেখ্য যে ২০১৬ৰ বিধানসভা নির্বাচনত দুটা পর্যায়ত ভোটগ্রহণ কৰা হৈছিল৷ আয়োগৰ সূত্র অনুসৰি মার্চ মাহৰ প্রথম সপ্তাহৰ ভিতৰত অসমকে ধৰি পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ নির্বাচনী কার্যসূচী ঘোষণা কৰা হ’ব৷ অসমত তিনিটা পর্যায়ত ভোটগ্রহণ কৰাৰ বিপৰীতে পশ্চিমবংগত সাতটা পর্যায়ত, কেৰালা, তামিলনাডুত দুটা পর্যায়ত আৰু পুডুচেৰীত এটা পর্যায়ত ভোটগ্রহণ কৰাৰ প্রাৰম্ভিক সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সূত্রটোৱে প্রকাশ কৰা মতে, অসম আৰু পশ্চিমবংগত এপ্রিলৰ প্রথম সপ্তাহৰ পৰাই ভোটগ্রহণ প্রক্রিয়া আৰম্ভ হ’ব৷ লক্ষণীয়ভাৱে অসমত বিহুৰ পূর্বে দুটা পর্যায়ত ভোটগ্রহণ কৰা হ’ব৷ বিহুৰ পাছত তৃতীয় পর্যায়ৰ ভোটগ্রহণ কৰাৰ সম্ভাৱনা আছে৷ উজনি, নামনিত দুটা পর্যায়ত ভোটগ্রহণৰ বিপৰীতে বৰাক উপত্যকা আৰু মধ্য অসমত একেদিনাই অৱশ্যে ভোটগ্রহণ হ’ব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

এইক্ষেত্রত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিহে ভোটগ্রহণৰ কার্যসূচী চূডান্ত কৰা হ’ব বুলি সূত্রটোৱে লগতে জানিবলৈ দিয়ে৷ আনহাতে, ক’ভিড–১৯ৰ কথা বিবেচনা কৰি অসমত ভোটগ্রহণ কেন্দ্র যথেষ্ট বৃদ্ধি কৰা হ’ব৷ সূত্রটোৱে প্রকাশ কৰা মতে, ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমত ২৪,৮৮৮টা ভোটগ্রহণ কেন্দ্র আছিল৷ এইবাৰ ভোটগ্রহণ কেন্দ্র ২৮–২৯ হাজাৰলৈকে বৃদ্ধি কৰা হ’ব পাৰে৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনত কেৰালা আৰু তামিলনাডুত এটা পর্যায়তেই ভোটগ্রহণ কৰা হৈছিল৷ এইবাৰ ক’ভিড–১৯ৰ বাবে উক্ত দুয়ো ৰাজ্যত দুটা পর্যায়ত ভোটগ্রহণৰ বাবে সাজু হৈছে আয়োগে৷ আনহাতে, মাওবাদী কূটাঘাতৰ প্রতি লক্ষ্য ৰাখি পশ্চিমবংগত যোৱা বিধানসভা নির্বাচনতো ৭টা পর্যায়ত ভোটগ্রহণ কৰা হৈছিল৷ এইবাৰ মাওবাদী হিংসাৰ কোনো আশংকা নাথাকিলেও ৰাজনৈতিক হিংসাৰ আশংকাত আগন্তুক বিধানসভা নির্বাচনো ৭টা পর্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োগে৷ একেদৰে নির্বাচন অনুষ্ঠিত হ’বলগীয়া সকলো ৰাজ্যতেই এইবাৰ ভোটগ্রহণ কেন্দ্র বৃদ্ধি হোৱাটো নিশ্চিত বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

Featured