২০৪১ চনত মুছলমানপ্রধান ৰাজ্যত পৰিণত হ’ব অসম : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : ৰাজ্যলৈ অশনি সংকেত৷ ২০৪১ চনত অসম হ’বগৈ মুছলমান অধ্যুষিত ৰাজ্য৷ ৰাজ্যখনত সংখ্যাগুৰু হ’ব সংখ্যালঘু৷– এই বিস্ফোৰক মন্তব্য প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুছলমান জনসংখ্যা বৃদ্ধিৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমত প্রতি ১০ বছৰত মুছলমানৰ জনসংখ্যা ২২ লাখকৈ বাঢ়িছে৷ ২০১১ চনত মুছলমানৰ জনসংখ্যা আছিল ৩৬ শতাংশ৷ অর্থাৎ ১.৪০ কোটি৷ এই হিচাপত ২০২১ চনত ২৯–৩০ শতাংশকৈ বৃদ্ধি পালে ২০৪১ চনত মুছলমানৰ জনসংখ্যাই চেৰ পেলাব হিন্দু জনসংখ্যাক৷ মুছলমানৰ জনসংখ্যা ২৯ শতাংশকৈ বৃদ্ধি হোৱাৰ বিপৰীতে হিন্দু ১৬ শতাংশকৈ বৃদ্ধি পাইছে৷ প্রত্যেক ১০ বছৰত ২২ লাখকৈ মুছলমানৰ সংখ্যা বৃদ্ধি পোৱাটো সেয়া ৰাজ্যখনৰ বাবে গুৰুতৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রীয়ে কয়– মুছলমান জনসংখ্যা বৃদ্ধি ৰোধৰ ক্ষেত্রত ৰাজনীতিবিদসকলে কোনোধৰণৰ পদক্ষেপ লোৱা নগ’ল বিগত সময়ছোৱাত৷ ৰাজনীতিবিদসকলে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে মুছলমানসকলক৷ এইক্ষেত্রত কংগ্রেছে জনসংখ্যা নিয়ন্ত্রণত গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব৷ কিয়নো মই ক’লে তেওঁলোকে নুশুনে, কিন্তু কংগ্রেছে ক’লে শুনিব৷ যদি মুছলমান অধ্যুষিত এলেকাত ৰাহুল গান্ধী আৰু নৰেন্দ্র মোদীৰ নামটো লৈ যায় তেন্তে সকলোৱে ৰাহুল গান্ধীকহে আদৰি ল’ব৷ সেয়েহে ৰাহুল গান্ধীক জনসংখ্যা নিয়ন্ত্রণৰ ব্রেণ্ড এম্বেছাডৰ পাতিব লাগে৷ পূর্বৰ চৰকাৰসমূহক আঙুলিয়াই মুখ্যমন্ত্রীয়ে কয় যে মুছলমান কন্যা শিশুক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিছিল পূর্বৰ চৰকাৰসমূহে৷ কিন্তু জনসংখ্যা নিয়ন্ত্রণৰ বাবে একোৱেই নকৰিলে৷ মোক যিহেতু শত্রু বুলি ভাবে তেওঁলোকে মোৰ কথা নামানে৷ যাক বন্ধু বুলি ভাবে, তেওঁ এই সামাজিক দায়িত্ব ল’ব লাগিব৷ ১৯৭১–৮১ চনৰ পৰা এনে জনসংখ্যা বৃদ্ধিৰ বিষয়টো গুৰুত্বসহকাৰে গ্রহণ নকৰাৰ ফলতে এইদৰে জনসংখ্যাই বিস্ফোৰণৰ সৃষ্টি কৰিছে৷ সংখ্যালঘু ৰাজনীতিবিদসকলে গাঁৱলৈ গৈ কেতিয়াও সন্তান বেছিকৈ জন্ম নিদিয়াৰ কথা নকয়৷ তেওঁলোকে ইয়াক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাবে এইক্ষেত্রত মনে মনে থাকে৷ গতিকে কংগ্রেছে জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৮১ শতাংশ লোকে আদৰণি জনাইছে৷ নিযুত মইনা আঁচনিৰ জৰিয়তে যুৱতীসকলে পঢ়া–শুনাৰ সুযোগ পালে কম বয়সতে সন্তান জন্ম দিয়াৰ কোনো সুযোগ নাথাকিব৷

Featured