ছবিগৃহত অসমীয়া ছবি চলোৱাৰ পদক্ষেপ আলফাৰ

🔹 ২৪ মে’ৰ পৰা চলিব প্রস্তুতি অভিনীত ‘প্রতিশ্রুতি’

🔹 ৩ সপ্তাহলৈ ৰাজ্যত নিষিদ্ধ হিন্দী চিনেমা

বিশেষ বাৰ্তা, ৯ মে’ : অহা ২৪ মে’ৰ পৰা ৩–৪ সপ্তাহলৈ ৰাজ্যৰ চিনেমা হলত হিন্দী ছবি চলোৱাটো নিষিদ্ধ কৰিছে আলফা (স্বা)ই৷ অহা ২৪ মে’ত মুক্তি লাভ কৰিব অসমীয়া ছবি ‘প্রতিশ্রুতি’৷ ড্রাগ্ছক বিষয়বস্তু হিচাপে লৈ নির্মাণ কৰা ‘প্রতিশ্রুতি’ যাতে সচেতন ব্যক্তিৰ লগতে যুৱপ্রজন্মই উপভোগ কৰিব পাৰে, তাৰ বাবে আলফা (স্বা)ই ৩–৪ সপ্তাহলৈ অসমৰ প্রতিটো ছবিগৃহত ছবিখনৰ প্রদর্শন বাহাল ৰাখিবলৈ আহ্বান জনাইছে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃতিত আলফা (স্বা)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এই সন্দর্ভত উল্লেখ কৰে যে সাম্প্রতিক সময়ত অসমৰ নৱপ্রজন্মৰ মাজত ক্রমাগতভাৱে বৃদ্ধি পোৱা নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বাবে সমাজত এক অসুস্থ বাতাৱৰণৰ সৃষ্টি হৈছে৷ সম্প্রতি নৱপ্রজন্মই নিচাযুক্ত দ্রব্যৰ প্রতি আসক্ত হৈ মন–মগজু আৰু বিবেক ধ্বংসৰ দিশলৈ নিছে৷ এই নিচাযুক্ত দ্রব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু পৰিৱর্তিত জীৱনশৈলীত ই কিমান ৰোগৰ সৃষ্টি কৰি মৃত্যুৰ কাৰক হ’ব পাৰে, সেৱনকাৰীসকলে প্রথম অৱস্থাত সেয়া উপলব্ধি কৰিব নোৱাৰাৰ ফলত বহু পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে আৰু ধ্বংস হৈ পৰিছে এখন ঘৰ৷ ’৯০ দশকৰ আৰম্ভণিৰ পৰা কুৰি শতিকাৰ শেষলৈকে যেতিয়া আলফা সক্রিয় আছিল তেতিয়া এনে নিচাযুক্ত দ্রব্যৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি তাক প্রতিৰোধ কৰা হৈছিল৷ যাৰ বাবে সমাজত এনে মাৰাত্মক দ্রব্যসমূহ সহজে প্রৱেশ কৰিব নোৱাৰিছিল৷ পৰৱর্তী সময়ত ৰাষ্ট্রপক্ষই নিজৰ স্বার্থ সিদ্ধিৰ বাবে এই সামাজিক ব্যাধিৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে কেৱল আলফাক ধ্বংস কৰিবলৈকে এই দ্রব্যসমূহৰ সৰবৰাহ বাহাল ৰখাই নহয়, অলিয়ে–গলিয়ে সুলভ কৰি তুলিছে৷ ড্রাগ্ছৰ এই ভয়ানক দিশসমূহক লৈ প্রযোজক ৰাতুল বৰুৱাই ‘প্রতিশ্রুতি’ নামেৰে এখন অসমীয়া বোলছবি নির্মাণ কৰি উলিয়াইছে৷ অহা ২৪ মে’ত ছবিখনে মুক্তিলাভ কৰিব৷ এই ছবিখন সমাজৰ প্রতিগৰাকী অভিভাৱক, সচেতন ব্যক্তিৰ লগতে যুৱপ্রজন্মই যাতে উপভোগ কৰিব পাৰে তাৰ বাবে অহা ২৪ মে’ৰ পৰা অন্ততঃ ৩–৪ সপ্তাহলৈ অসমৰ প্রতিটো ছবিগৃহত ছবিখন প্রদর্শনৰ বাবে আহ্বান জনোৱা হৈছে৷ এই সময়ছোৱাত ‘প্রতিশ্রুতি’ প্রদর্শনৰ সময়সূচীত অন্য হিন্দী ছবিৰ প্রদর্শন স্থগিত ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰসকলক আলফা (স্বা)ই এই বিবৃতিযোগে আহ্বান জনাইছে৷ মন কৰিবলগীয়া যে ৰাতুল বৰুৱাৰ প্রযোজনা আৰু কিশোৰ তালুকদাৰৰ পৰিচালনাৰে নির্মাণ কৰা ছবিখনত প্রস্তুতি পৰাশৰে মুখ্য ভূমিকাত অভিনয় কৰিছে৷ তদুপৰি ছবিখনত অভিনয় কৰিছে প্লাৱিতা বৰঠাকুৰ, বিভূতি হাজৰিকা, সিদ্ধার্থ কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, চিন্ময় চক্রৱর্তীকে ধৰি কেইবাজনো শিল্পীয়ে৷ আলফা (স্বা)ই বিবৃতিৰ জৰিয়তে অসমৰ সকলো শ্রেণীৰ ৰাইজক এই ছবিখন চাবলৈ আহ্বান জনাইছে৷ ইফালে, আলফা (স্বা)ৰ বিবৃতিৰ পিছতে প্রযোজক ৰাতুল বৰুৱাই বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এটা গুৰুত্বপূর্ণ বিষয়ক লৈ চিনেমাখন নির্মাণ কৰা হৈছে৷ ছবিখনৰ বিষয়বস্তু এতিয়া যথেষ্ট প্রাসংগিক৷ এনে অৱস্থাত ছবিখনক লৈ যদি কোনোবাই ইতিবাচক মন্তব্য অথবা দৃষ্টি দিছে তেন্তে মই ইয়াক আঁকোৱালি ল’ম আৰু কতৃজ্ঞতা জনাম৷ উল্লেখ্য যে ছবিখনৰ কাহিনীও ৰাতুল বৰুৱাৰ৷ প্রযোজকগৰাকীয়ে প্রকাশ কৰা মতে, কলেজীয়া জীৱনত নিচাযুক্ত দ্রব্যৰ পৰা তেওঁক কি কি বস্তুসমূহে অথবা দিশসমূহে আঁতৰাই ৰাখিছিল তাৰ ওপৰত ভিত্তি কৰিয়েই এই কাহিনী লিখি উলিওৱা হৈছে৷ ড্রাগছৰ নিচাৰ পৰিৱর্তে কিছুমান ইতিবাচক নিচাক লৈ কিদৰে নিজকে শক্তিশালী কৰিব পাৰে সেই বিষয়টোকে ছবিখনৰ কাহিনীত দেখুওৱা হৈছে৷ ৰাতুল বৰুৱাই ইয়াকো স্পষ্ট কৰে যে ড্রাগ্ছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে নির্মাণ কৰা ছবিখন সন্দর্ভত আলফাই হওক বা আন সংগঠনেই হওক, যদি ইতিবাচক মন্তব্য দিছে তেন্তে মই তেওঁলোকক ধন্যবাদ জনাম আৰু ড্রাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাত তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাম৷

Featured