সুখবৰঃ কেন্দ্ৰৰ বিবেচনাধীন হৈ আছে অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী: অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানৰ বিষয়টো কেন্দ্রীয় চৰকাৰে বিবেচনা কৰি আছে৷  ৰাজ্যসভাৰ মজিয়াত এই আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্রীয় সাংস্কৃতিক, ড’নাৰ আৰু পর্যটন মন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷

উল্লেখ্য যে কিছুদিন পূর্বে সংসদৰ শীতকালীন অধিৱেশনৰ কালছোৱাত সাংসদ পৱিত্র মার্ঘেৰিটাই অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্যসভাত কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাইছিল৷ অসম চৰকাৰেও অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভৰ বাবে প্রয়াস চলাই আছে৷ তেনে সময়তে মন্ত্রী ৰেড্ডীয়ে সদনৰ প্রশ্ণোত্তৰ কালত মহাৰাষ্ট্রৰ সাংসদ তথা লেখক আৰু বিশিষ্ট সাংবাদিক কুমাৰ কেতকাৰৰ দেশৰ ধ্রুপদী ভাষা সম্পর্কীয় এক প্রশ্ণৰ উত্তৰত প্রদান কৰা এই বিবৃতি অসমীয়া ভাষা–সংস্কৃতিৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷

মন্ত্রী ৰেড্ডীয়ে প্রকাশ কৰা মতে, ধ্রুপদী ভাষা হিচাপে যি ক্রাইটেৰিয়া আছে, সেইমর্মে অসমীয়া ভাষা ধ্রুপদী ভাষাৰ মর্যাদা পাব পাৰে নে নাই, সেই কথা কেন্দ্রীয় চৰকাৰে পৰীক্ষা–নিৰীক্ষা কৰি আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ভাৰতত এটা ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্রদানৰ পূর্বে তিনিটা ক্রাইটেৰিয়া পূৰণ কৰে নে নাই, সেয়া পৰীক্ষা কৰি চোৱা হয়৷ এই তিনিটা ক্রাইটেৰিয়াৰ প্রথমটো হৈছে এটা ভাষাৰ কমেও ১,৫০০ বছৰ পুৰণি ইতিহাস থকাটো বাঞ্ছনীয়৷ দ্বিতীয়টো হৈছে ভাষাটোৰ প্রাচীন কোনো সাহিত্য কিম্বা লেখা থাকিব লাগিব, যি যুগ যুগ ধৰি প্রজন্মৰ পাছত প্রজন্মৰ বাবে মূল্যৱান সম্পদ হিচাপে বিবেচিত হৈ আহিছে৷ তৃতীয়টো হৈছে সংশ্লিষ্ট ভাষাত সৃষ্ট সাহিত্যৰ ঐতিহ্য আন কোনো ভাষাৰ পৰা লব্ধ হ’ব নোৱাৰে,ই মৌলিক হ’ব লাগিব৷

লক্ষণীয়ভাৱে এই তিনিটা ক্রাইটেৰিয়া অসমীয়া ভাষাৰ আছে৷ লক্ষণীয়ভাৱে এই মুহূর্তত ভাৰতত ৬টা ধ্রুপদী ভাষা আছে৷ সেয়া হ’ল– ২০০৪ চনত স্বীকৃতি প্রদান কৰা তামিল, ২০০৫ চনত সংস্কৃত, ২০০৮ চনত কান্নাডা আৰু তেলুগু, ২০১৩ চনত মালয়ালম আৰু ২০১৪ চনত উৰিয়া৷ সাংস্কৃতিক আৰু পর্যটনমন্ত্রী ৰেড্ডীয়ে প্রদান কৰা বিবৃতি অনুসৰি এই মুহূর্তত অসমীয়া ভাষাৰ লগতে পালি/প্রাকৃত, বাংলা, মণিপুৰী, ছিন্ধি আৰু মৈথেলী ভাষাক কেন্দ্রহ ধ্রুপদী ভাষা হিচাপে মর্যাদা প্রদানৰ কথা বিবেচনা কৰি আছে৷ জানিব পৰা মতে, অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানৰ বিষয়টোৰ ওপৰত অসম প্রকাশন পৰিষদ আৰু আনন্দৰাম বৰুৱা ইনষ্টিটিউট অৱ লেংগুয়েজ, আর্টছ এণ্ড কালচাৰে কাম কৰি আছে৷

Featured