মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব নিৰ্বাচনৰ দিনঃ চিলাপথাৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ কেতিয়া পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হ’ব তাক লৈ এতিয়া সকলো ৰাজনৈতিক দলেই অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। ইয়াৰ মাজতে আজি অসমৰ ধেমাজিত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে যে নিৰ্বাচন আয়োগে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

প্ৰসংগত, এবাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’লেই নিৰ্বাচনী আচৰণ বিধি বলবৎ হয়। কাৰ্যত গোটেই প্ৰশাসন নিৰ্বাচন আয়োগৰ নিয়ন্ত্ৰণলৈ যায়। যাৰফলত কোনো চৰকাৰী প্ৰকল্প উদ্বোধন কৰিব নোৱাৰে।

আজি মোদীয়ে অসমৰ ধেমাজিত কৈছিল যে বিগত বৰ্ষত নিৰ্বাচন আয়োগে ৪ মাৰ্চত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছিল। সেয়েহে এইবাৰ একে সময়তে এই দিন ঘোষণা কৰা হ’ব পাৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় তেওঁ নিৰ্বাচন আয়োগৰ ঘোষণাৰ পূৰ্বেই যিমান সম্ভৱ অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব।

FeaturedPrime Minister Narendra Modi